ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি - HSLC exam results 2022

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Jun 9, 2022, 7:01 PM IST

নতুন ৰূপত মন্ত্ৰীসভা: কোনে পালে কি দপ্তৰ

সম্প্ৰসাৰণ হ'ল ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা । সমান্তৰালকৈ নতুনকৈ বিতৰণ কৰা হ'ল মন্ত্ৰীৰ দপ্তৰ ৷ বহুকেইগৰাকী মন্ত্ৰীৰ দপ্তৰ সলনিও কৰা হ'ল ৷

প্ৰথমবাৰলৈ তিনি পাহাৰীয়া জিলাই পালে মহিলা মন্ত্ৰী: জিলা এখন, মন্ত্ৰী দুজন

তিনিখন পাহাৰীয়া জিলা কাৰ্বি আংলং,পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাওৰ ভিতৰত প্ৰথমগৰাকী মহিলা মন্ত্ৰী হিচাপে একপ্ৰকাৰ ইতিহাস ৰচনা কৰিলে নন্দিতা গাৰ্লোচাই । ইয়াৰ পূৰ্বে এই তিনিখন পাহাৰীয়া জিলাৰ পৰা কোনো মহিলা মন্ত্ৰী অসম মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা নাছিল ।

মন্ত্রীৰূপে শপত ল’লে জয়ন্ত মল্ল বৰুৱা-নন্দিতা গাৰ্লোচাই

নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোচাই আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে । অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে দুয়োগৰাকী মন্ত্ৰীক গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় ।

Hijab row : পোছাক বিধি পালনৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতে শিক্ষাৰ্থীৰ নিলম্বন প্ৰত্যাহাৰ

কৰ্ণাটকৰ প্ৰথম শ্ৰেণীৰ এখন মহাবিদ্যালয়ত হিজাব বিতৰ্ক অব্যাহত আছে (Hijab controversy in Government First Grade College)। পোছাক বিধি পালন কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতে ৬ গৰাকী শিক্ষাৰ্থীৰ নিলম্বন প্ৰত্যাহাৰ কৰিছে মহাবিদ্যালয়খনে । ইয়াৰ পূৰ্বে কেইবাগৰাকী শিক্ষাৰ্থীক হিজাব পৰিধান কৰাক লৈ মহাবিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছিল ।

মঙলদৈ প্ৰেছ ক্লাবৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

সম্প্ৰতি সাংবাদিকসকল কেৱল সংবাদ সংগ্ৰহ কৰা ব্যক্তিয়েই নহয়, সমাজৰ অবিচ্ছেদ্য অংশ হৈ পৰিছে ৷ সেয়েহে সাংবাদিকসকলৰ ভুমিকাও বেলেগ বেলেগ হোৱা পৰিলক্ষিত হৈছে । বিশেষকৈ জনসাধাৰণৰ মাজত সাংবাদিক সকলে সচেতনতা বৃদ্ধি কৰাত আগভাগ লৈ আহিছে ৷

HSLC exam results 2022: আৰ্থিকভাৱে দুৰ্বল ছাইদুৰৰ সফলতা

শিক্ষা আহৰণত আৰ্থিক বাধাই কোনো প্ৰভাৱ পেলাব নোৱাৰে । সেই কথাই পুনৰবাৰ প্ৰমাণ কৰিলে বঙাইগাঁও জিলাৰ লুংঝাৰ গাঁৱৰ ছাইদুৰ ৰহমানে (Poor student secure first division in HSLC)। পৰিয়ালৰ আৰ্থিক দুৰ্বলতাৰ পাছতো ছাইদুৰে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচনসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে (Manikpur poor student secure distingtion in HSLC exam 2022)।

১১ জুনত মুকলি হ’ব তেজপুৰ বাটামাৰীৰ কনভেঞ্চন ভৱন

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিচতে প্ৰথমখন ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হ’ব তেজপুৰত (Assam cabinet in Tezpur) । তেজপুৰ বাটামাৰিত মাত্ৰ তিনি মাহৰ ভিতৰতে ৰাজ্য চৰকাৰে নিৰ্মাণ প্ৰস্তুত কৰি তোলা কনভেঞ্চন হলটো মুকলি হ’ব ১১ জুনৰ পুৱা ১০ বজাত (Convention Hall in tezpur) ৷

আগৰৰ কাঠ সৰবৰাহত সহায়ক হোৱাকৈ হোজাইত পৰিবহণ বিভাগৰ পদক্ষেপ

বৃহস্পতিবাৰে হোজাইত মুকলি কৰা হয় আগৰ কাঠ কঢ়িওৱা ASTC বাছ (ASTC steps to help Agarwood carrying in Hojai) ৷ এই বাছ মুকলি কৰে হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষে ৷

হোজাইৰ RTU ত থীম চঙৰ পৰিৱৰ্তে ৰবীন্দ্ৰ সংগীত পৰিৱেশন কৰাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া

হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ (Hojai Rabindranath Tagore University) প্ৰতিষ্ঠা দিৱসত থীম চঙৰ পৰিৱৰ্তে ৰবীন্দ্ৰ সংগীত পৰিৱেশন কৰাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া ৷ বিৱৰণি অনুসৰি, যোৱা ১ জুনত আছিল মহাবিদ্যালয়ৰ পৰা সদ্য উন্নীতকৰণ হোৱা ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী (Foundation Day of Hojai Rabindranath Tagore University) । সেই মৰ্মে এই অনুষ্ঠানটোৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা হৈছিল এক থীম চং । কিন্তু অনুষ্ঠানৰ সময়ত বিশেষ থীম চঙটোৰ পৰিৱৰ্তে পৰিৱেশন কৰা হ’ল ৰবীন্দ্ৰ সংগীত । এই লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

HSLC exam result 2022: জুয়ে পোৰা সোণ হৈ জিলিকিছে শিৱসাগৰৰ বিষ্ণু

একাগ্ৰতা আৰু আগ্ৰহ থাকিলে সকলো কামেই সহজ হৈ পৰে (Concentration and interest make everything easier ) ৷ বিশেষকৈ মনত যদি প্ৰবল ইচ্ছা থাকে, তেন্তে দৰিদ্ৰতা কেতিয়াও বাধাৰ প্ৰচীৰ হৈ থিয় হ’ব নোৱাৰে ৷ এই কথা পুনৰবাৰ প্ৰমাণ কৰিলে চৰকাৰী উচ্চতৰ বহুমুখী বিদ্যালয়ৰ এজন ছাত্ৰই । শিৱসাগৰ চৰকাৰী উচ্চতৰ বহুমুখী বিদ্যালয়ৰ বিষ্ণু জ্যোতি বৰা নামৰ এগৰাকী ছাত্ৰৰ কৃতিত্বই এতিয়া অঞ্চলটোলৈ কঢ়িয়াই আনিছে সুখৰ বতৰা ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.