ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 বাতৰি... - top 10 at 5pm

5 বজাৰ শীৰ্ষ 10 বাতৰি...

5 বজাৰ শীৰ্ষ 10 বাতৰি
5 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Oct 29, 2021, 4:59 PM IST

ক'ভিড ভেকচিনে সামৰিছে ৰাজ্যৰ ৯৫ শতাংশ লোকক: মুখ্যমন্ত্ৰী

অসমৰ ৯৫ শতাংশ লোকক ইতিমধ্যে প্ৰদান কৰা হৈছে ক'ভিড ভেকচিন । শুকুৰবাৰে এখন সংবাদমেলত এই কথা সদৰি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ভাৰত-চীন সীমান্তৰ শেষৰখন গাঁৱৰ পৰা আমাৰ বিশেষ প্ৰতিবেদন...

অৰুণাচল প্ৰদেশৰ পশ্চিম টাৱাং জিলাৰ লুমলাৰ পৰা 55 কিলোমিটাৰ দূৰত্বত থকা সীমান্তত সচেষ্ট হৈছে সশস্ত্র সীমা বল (SSB) । সাধাৰণ লোকৰ বাবে এই অঞ্চলত প্ৰৱেশ কৰাতো দূৰৰে কথা সীমান্তৰ শেষৰখন গাঁৱৰ ফটো লোৱাতো নিষেধাজ্ঞা জাৰি কৰি কৰি ৰাখিছে সুৰক্ষা বাহিনীয়ে ৷

জুবিনৰ স্বাস্থ্য সুস্থিৰ; নিজৰ স্বাস্থ্যক লৈ চিকিৎসালয়ৰ পৰা কি ক’লে জুবিনে ?

জনপ্ৰিয় কণ্ঠশিল্পী তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ(Zubeen Garg)ৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ । বৃহস্পতিবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰা যুৱ শিল্পীগৰাকীক নিশাই মহানগৰীৰ গড়চুকস্থিত আয়ুৰচুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । জানিব পৰা মতে, উচ্চ ৰক্তচাপজনিত কাৰণত হঠাৎ অসুস্থ হৈ পৰিছিল শিল্পী গৰাকী । বৰ্তমান জুবিনৰ স্বাস্থ্য সুস্থিৰ । আজি অৰ্থাৎ শুকুৰবাৰে চিকিৎসকৰ পৰ্যবেশনত ৰখা হৈছে জুবিনক ৷ সকলো ঠিকে থাকিলে সম্ভৱত শনিবাৰে হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ জুবিনক নিৰ্দেশ দিব চিকিৎসকে ৷ এই মন্তব্য কৰিছে খোদ জুবিন গাৰ্গে ৷

এখনৰ পাচত আনখন বিদ্যালয়ত ক'ভিডৰ সংক্ৰমণ

পুনৰ বন্ধ হ'ব নেকি ৰাজ্যৰ শিক্ষানুষ্ঠান ! কামৰূপ মহানগৰ জিলাৰ দুখন বিদ্যালয়ত ক’ভিডৰ সংক্ৰমণ । সাতদিনৰ বাবে কণ্টেইনমেণ্ট জ'ন ঘোষণা । ঢেকিয়াজুলিৰো পাঁচখন বিদ্যালয়ত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে । চাবুৱাতো অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন ৭ দিনৰ বাবে বন্ধ ঘোষণা । পুনৰ ক’ভিডৰ সংক্ৰমণ আৰম্ভ হোৱাত উদ্বিগ্ন হৈ পৰিছে শিক্ষাৰ্থী আৰু অভিভাৱক সকলক ।

দেৱালী সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে অসমত এইবাৰ দুঘন্টাৰ বাবেহে ৰাইজে দেৱালীৰ আতচবাজী জ্বলাব পাৰিব বুলি ঘোষণা কৰাৰ পিছত মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই পোনচাটেই সেয়া নাকচ কৰিছিল । ইয়াৰ পৰৱৰ্তী পৰ্যায়ত শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে পুনৰ মন্তব্য কৰে যে, প্ৰদুষণ নিয়ন্ত্ৰণ পৰিষদে যি জাননী জাৰি কৰিছিল সেয়া আছিল অসমৰ বাতাবৰণ আৰু জলবায়ু সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰ প্ৰকাশ কৰা প্ৰতিবেদনৰ ভিত্তিত । কিন্তু যোৱাটো বছৰৰ পৰিবেশ এতিয়া নাই, সলনি হৈছে পৰিৱেশ । সেয়েহে এই বছৰৰ যি প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে দাখিল কৰিব তাৰ আধাৰতহে সিদ্ধান্ত ল’ব চৰকাৰে । গতিকে দেৱালী হব বুলিও আওপকীয়াকৈ মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ফাইল নিষ্পত্তিৰ বাবে এইবাৰ "প্ৰজেক্ট সদ্ভাৱনা"

ফাইলৰ কামৰ বাবে বাৰে বাৰে অসম সচিবালয়লৈ অহাৰ আৰু প্ৰয়োজন নাই । সচিবালয়ত পৰি থকা ফাইলৰ কাম প্ৰক্ৰিয়াগতভাৱে নিষ্পত্তি কৰিবলৈ আৰম্ভ কৰা হৈছে "প্ৰজেক্ট সদ্ভাৱনা" । অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ই । ক'ভিড-১৯(COVID-19)ৰ টীকাকৰণ সন্দৰ্ভত তেওঁ কয় যে, অসমত এক কোটি ৭৬ লাখ লোকে প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰিছে ।

তলাবন্ধ জুৱেলাৰীৰ দোকানত কিয় লাগিছে সোণ-ৰূপৰ গ্ৰাহকৰ ভিৰ ?

নুনমাটি শালবাৰী অঞ্চলৰ এখন জুৱেলাৰী দোকান । বিগত বহু দিন ধৰি তলা বন্ধ অৱস্থাত আছে দোকান খন । সেই তলা বন্ধ দোকানতে এতিয়া লাগিছে গ্ৰাহকৰ ভিৰ ৷ কিয় তলা বন্ধ দোকান খনত গ্ৰাহকে ভিৰ কৰিছে জানো আঁহক ৷

চিকিৎসাধীন চুপাৰষ্টাৰ ৰজনীকান্ত

বৃহস্পতিবাৰে চেন্নাইৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয় চুপাৰষ্টাৰ ৰজনীকান্তক ৷ সূত্ৰ অনুসৰি অভিনেতাগৰাকী infarctionত ভুগি আছে ৷

একেৰাহে তৃতীয় দিনৰ বাবে বৃদ্ধি পালে ইন্ধনৰ মূল্য

দেশবাসীৰ মূৰত ৰামটাঙোন শোধাই একেৰাহে তৃতীয় দিনৰ বাবে বৃদ্ধি হ'ল পেট্ৰ'ল-ডিজেলৰ মূল্য । শুকুৰবাৰে প্ৰতি লিটাৰ পেট্ৰ'লত বৃদ্ধি পাইছে ৩৫ পইচা । ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য হৈছেগৈ ১০৮.৬৪ টকা । আনহাতে, ডিজেলৰ মূল্যও ৩৫ পইচাকৈ বৃদ্ধি হোৱাৰ ফলত প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৯৭.৩৭ টকা হৈছেগৈ ।

তামুলপুৰত উপ-নিৰ্বাচনৰ পূৰ্ণ প্ৰস্তুতি বাক্সা জিলা প্ৰশাসনৰ

বাক্সা জিলাৰ অন্তৰ্গত 58 নং তামুলপুৰ বিধানসভা সমষ্টি(Tamulpur Constituency)ত শনিবাৰে অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ উপ-নিৰ্বাচন(By Election)ৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে বাক্সা জিলা প্ৰশাসন(Baksa District Administration)৷ শুকুৰবাৰে পুৱাৰ ভাগৰে পৰা মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ভৰি পৰিছে নিৰ্বাচনৰ দায়িত্বত থকা কৰ্মচাৰীসকল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.