Maniratnam health update : চিত্ৰ নিৰ্মাতা মণিৰত্নম ক’ভিডত আক্ৰান্ত হোৱা নাই
মঙলবাৰে পুৱাই এটা খবৰ আহিল যে, দক্ষিণৰ কিংবদন্তি পৰিচালক মণিৰত্নম ক’ভিডত আক্ৰান্ত ৷ কিন্তু এতিয়া জানিব পৰা গৈছে যে, এই খবৰটো সম্পূৰ্ণ ভুৱা আছিল (Maniratnam helth news) ৷ পৰিচালকজনৰ জনসংযোগ গোটৰ পৰা জানিব পৰা গ’ল যে পৰিচালকজন ক’ভিডত আক্ৰান্ত হোৱা নাছিল ৷
Akhil Gogoi apologizes: দ্ৰৌপদী মুৰ্মু সন্দৰ্ভত মন্তব্য কৰি ক্ষমা খুজিলে অখিল গগৈয়ে
ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ প্ৰতি বিতৰ্কিত মন্তব্য কৰি ক্ষমা বিচাৰিবলৈ বাধ্য হ’ল বিধায়ক অখিল গগৈ (Akhil Gogoi apologizes for his remarks) ৷ প্ৰাৰ্থীগৰাকীৰ প্ৰতি কৰা মন্তব্য উঠাই লোৱা বুলি প্ৰৰণ কৰে এক ভিডিঅ’ বাৰ্তা ৷
Halangi green field Airport: হলঙি গ্ৰীণ ফিল্ড বিমানবন্দৰত যাত্ৰীবাহী বিমানৰ পৰীক্ষামূলক অৱতৰণ
এয়াৰ ইণ্ডিয়াৰ এ টি আৰ যাত্ৰীবাহী বিমানে (Air India ATR passenger aircraft) আজি পুৱাৰ ভাগত সুকলমে অৱতৰণ কৰে বুলি টুইটাৰযোগে জনাইছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে (Arunachal CM Pema Khandu twitted)। অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ পৰা ১৫ কিলোমিটাৰ দক্ষিণে হলঙিত মুঠ ৬৪৫ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা এই বিমানবন্দৰত যাত্ৰীবাহী ঘৰুৱা বিমান চলাচল কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ হৈছে ।
Mount Everest : এভাৰেষ্টৰ নাম ‘মাউণ্ট ৰাধানাথ শিকদাৰ’ ৰখাৰ দাবীত ‘সমুদ্ৰৰ পৰা পাহাৰ’ অভিযান
চলিত বৰ্ষত ভাৰত তথা পাকিস্তানে পালন কৰিব স্বাধীনতাৰ ৭৫ সংখ্যক জয়ন্তী । ইতিমধ্যে ভাৰত চৰকাৰে 'স্বাধীনতাৰ অমৃত মহোৎসৱ' নাম দি বছৰজোৰা বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে (azadi ka amrit mahotsav) । একেদৰে চুবুৰীয়া দেশ বাংলাদেশেও স্বাধীনতাৰ স্বৰ্ণ জয়ন্তী বৰ্ষ উদযাপন কৰি আছে ।
Climate change action plan: চৰকাৰ ব্যৰ্থ জলবায়ু পৰিবৰ্তনৰ মোকাবিলাত
জলবায়ু পৰিবৰ্তনৰ লগত মোকাবিলা কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যৰ্থ হোৱাৰ তথ্য পোহৰললৈ আহিছে । উল্লেখ্য যে জলবায়ু পৰিবৰ্তনৰ লগত মোকাবিলা কৰাৰ বাবে আছাম ষ্টেট এক্চন প্লেন অন ক্লাইমেট চেঞ্জ (Assam State Action Plan on Climate Change 2015-2020) চমুকৈ এছ পি এ চি চি শীৰ্ষক জলবায়ু পৰিবর্তন সম্পৰ্কীয় এক্চন প্লেন প্রস্তুত কৰিছিল যদিও সাত বছৰ ধৰি চৰকাৰী ফাইলতে আবদ্ধ হৈ আছে ।
Crime in West Bengal: শিশু কন্য়াক পিতৃৰ যৌন নিৰ্যাতন
পশ্চিম বংগৰ ডায়মণ্ড হাৰ্বাৰত সংঘটিত হৈছে এক জঘন্য ঘটনা । ডায়মণ্ড হাৰ্বাৰ পৌৰসভাৰ ১৪ নম্বৰ ৱাৰ্ডত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে (Minor girl sexually abused in West Bengal)। দ্বিতীয় শ্ৰেণীৰ এগৰাকী ছাত্ৰীক তেওঁৰ পিতৃ আৰু খুৰাকে যৌন নিৰ্যাতন চলোৱাৰ এটি ঘটনা পোহৰলৈ আহিছে ।
Drugs seized: কৰিমগঞ্জত বুজন পৰিমাণৰ নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ এজনক
কৰিমগঞ্জৰ পাথাৰকান্দিত পুনৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান(Assam Police against narcotics) । ভাৰত-বাংলাদেশ সীমান্তৰ দক্ষিণ কেউটিগাঁৱৰ পৰা জব্দ ত্ৰিশ হেজাৰ নিচা জাতীয় ইয়াবা টেবলেট(Police anti-drug operation in Karimganj) । আছাব উদ্দীন নামৰ এজন লোকৰ ঘৰৰ পৰা জব্দ কৰা হয় নিষিদ্ধ এই টেবলেটখিনি ।
Baihata Youth Dead : মাছ মাৰিবলৈ গৈ খালত পৰি মৃত্যু বাইহাটাৰ যুৱকৰ
সমনীয়াৰ সৈতে পথাৰত মাছ মাৰিবলৈ গৈছিল যুৱকজনে । মাছ মাৰিবলৈ যাওঁতেই অসাৱধানতাবশত সলিল সমাধি ঘটে ২৫ বছৰীয়া যুৱকজনৰ । বাইহাটা চাৰিআলিৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বোৰ্কাত সংঘটিত হয় এই শোকাৱহ ঘটনাটো । নিহত যুৱকজনৰ নাম নিলোৎপল শৰ্মা (Baihata Chariali youth died fell into pond) ৷
Jorhat-Majuli Bridge: শীঘ্ৰেই দলং নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ দাবী AJYCP
বিগত প্ৰায় দুটা মাহে স্তব্ধ হৈ আছে যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ কাম । যাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মূখীন হৈছে টীয়ক, যোৰহাট তথা মাজুলীবাসী ৰাইজ ৷ শীঘ্ৰেই দলং নিৰ্মাণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ় দিয়াৰ হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ(AJYCP demands the construction of Jorhat-Majuli bridge) ৷
Heat waves hits Europe: গ্ৰীষ্ম প্ৰবাহে দহিছে ইউৰোপক
গ্ৰীষ্ম প্ৰবাহে দহিছে ইউৰোপক (Heat wave broiling Europe)। সোমবাৰে ইউৰোপৰ গ্ৰীষ্ম প্ৰবাহ বিয়পি পৰে স্পেইন আৰু ফ্ৰান্সলৈ । গ্ৰীষ্ম প্ৰবাহৰ ফলত বনজুইৰ সৃষ্টি হৈছে (Forest fire in Europe)। সেইবাবে পানী বোমা বিস্ফোৰণ কৰা বিমান আৰু অগ্নিনিৰ্বাপক বাহিনীক টিণ্ডাৰ-শুকান অৰণ্যত জুই নিৰ্বাপিত কৰাৰ কামত ব্য়ৱহাৰ কৰা হৈছে ।