বিহংগম দৃষ্টিত শিক্ষক দিৱস আৰু অসমৰ শিক্ষক সমাজ
শিক্ষাবিদ তথা মহান মনীষী সৰ্বপল্লী ৰাধাকৃষ্ণনে যি উদ্দেশ্যৰে তেওঁৰ জন্মদিনটো শিক্ষক দিৱস হিচাবে উদযাপনৰ কথা কৈছিল, প্ৰকৃতাৰ্থত সেই উদ্দেশ্য কিমান সফল হৈছে ? আজি অসমত শিক্ষক সমাজ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত । তেনেক্ষেত্ৰত চৰকাৰী বা বেচৰকাৰী পৰ্যায়ত ঢাক-ঢোল বজাই শিক্ষক দিৱস পালনৰ কিবা গুৰুত্ব আছেনে ? নিশ্চিতভাৱে এই বিষয়টোতো আলোকপাত কৰাৰ প্ৰয়োজন (teachers day and Assam teachers society) ।
কেবিনেট বৈঠকৰ বাবে সাজু কোকৰাঝাৰ প্ৰশাসন
মঙলবাৰে কোকৰাঝাৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক (Assam Cabinet meeting at Kokrajhar) ৷ ন ৰূপত সজাই তোলা হৈছে বিটিআৰ সচিবালয় ৷ মুখ্যমন্ত্ৰীসহ কেবিনেট মন্ত্ৰীবৰ্গক আদৰাৰ বাবে সাজু কোকৰাঝাৰ (CM attended at Kokrajhar Cabinet meeting) ৷ কেবিনেট বৈঠকক কেন্দ্ৰ কৰি বিটিআৰ সচিবালয়ৰ লগতে কোকৰাঝাৰ চহৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷
ধুবুৰী ফুলবাৰী দলঙৰ নির্মাণকাৰ্যৰ বুজ ল'লে সাংসদ বদৰুদ্দিন আজমলে
পূৰ্ণগতিত চলি আছে ধুবুৰী-ফুলবাৰী দলঙৰ নির্মাণকাৰ্য (Dhubri Phulbari bridge construction)। কামৰ অগ্ৰগতিৰ বুজ ল'বলৈ উপস্থিত সাংসদ বদৰুদ্দিন আজমল (Badaruddin Azmal visited Dhubri Phulbari bridge) ।
AASU felicitation programme: চতিয়াত আছুৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা
দেওবাৰে সদৌ জামুগুৰি ছাত্ৰ সংস্থাৰ উদোগত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় (AASU felicitation ceremony at sootea) ৷ সম্বৰ্দ্ধনা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ।
বিদ্যুৎ বিভাগৰ অৱহেলা: বিগত পোন্ধৰ দিনে অন্ধকাৰত ডুবি আছে চাৰিখনকৈ গাঁও
অনিয়মীয়া বিদ্যুৎ যোগানে দীৰ্ঘদিনৰ পৰা জ্বলা-কলা খুৱাই আহিছে কলগাছিয়াবাসীক ৷ বাৰিষা তথা গ্ৰীষ্ম ঋতু অহাৰ লগে লগে বিদ্যুতৰ লুকা-ভাকুৱে অতিষ্ঠ কৰি তুলিছে চাৰিখনকৈ গাঁৱৰ ৰাইজক ৷
কৃতী শিক্ষকসকলৰ সৈতে ভাব-বিনিময়ত অংশ লব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰীয় শিক্ষক বঁটা-২০২২ কৃতী শিক্ষকসকললৈ প্ৰদান কৰাৰ লগতে কৃতী শিক্ষকসকলৰ সৈতে ভাব-বিনিময়তো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে(PM Modi to meet national teacher award winners on september 5) । প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক বিবৃত্তিত প্ৰকাশ পাইছে এই তথ্য ৷
নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক বসন্ত শইকীয়াৰ মৃত্যু
জ্যেষ্ঠ চিকিৎসক বসন্ত শইকীয়াৰ(Basant Saikia passes away)মৃত্যুৰ মৃত্য়ু। ৯৬ বছৰত গুৱাহাটীত চিকিৎসাধীন অৱস্থাত শেষ নি:শ্বাস ত্যাগ কৰে ৷ তেওঁৰ মৃত্যুত বিধায়ক ৰূপক শৰ্মাৰ শোক প্ৰকাশ ৷
বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ড
বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ড (Devastating fire in Bilasipara) । চুনাৰী থানাৰ অন্তৰ্গত বামুনেৰ আলগা চতুৰ্থ খণ্ড গাঁৱত সংঘটিত হয় এই অগ্নিকাণ্ড । অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় গাঁওখনৰ আব্দুছ ছবুৰ সেখৰ বাসগৃহ । যাতায়াতৰ সু-ব্যৱস্থা নথকাৰ বাবেই ঘটনাস্থলীত উপস্থিত হ'ব নোৱাৰিলে অগ্নি নিৰ্বাপক বাহিনীৰ দল ।
চিগাৰেটক কেন্দ্ৰ কৰি গ্ৰাহকৰূপী যুৱকৰ আক্ৰমণ এগৰাকী বৃদ্ধক
বৰপেটাত সংঘটিত হৈছে আক্ৰমণৰ এটা ঘটনা ৷ এজন যুৱকৰ চোকা অস্ত্ৰৰ আঘাতত গুৰুতৰভাবে আহত হৈছে এজন বৃদ্ধ ব্যৱসায়ী ৷ দুটা চিগাৰেটক কেন্দ্ৰ সংঘটিত হৈছে এই অঘটন ৷
সৰিয়হৰ ডুলিতেই ভূত থকাৰ উমান অসম আৰক্ষীৰ
অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলৰ এটা হোৱাটছএপ গোটত প্ৰচাৰ হোৱা এক বাৰ্তাই আৰক্ষী বিষয়াসকলৰ মাজত খলকনি তুলিছে ৷ আৰক্ষীৰ সন্মান ৰক্ষাৰ স্বাৰ্থতে সকলো পৰ্যায়ৰ আৰক্ষী বিষয়াক অতিৰিক্তভাৱে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে (WhatsApp message urges police officers to be careful) ৷