1.স্বামীৰ বিজয়ৰ পিছত কি ক’লে মঞ্চুৰিয়া বি কুৰ্মীয়ে
বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ’ল মৰিয়নী সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী ৷ বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ জয়ত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে শুভাকাংক্ষী তথা আত্মীয়সকল ৷ স্বামীৰ বিজয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰূপজ্যোতিৰ পত্নী মঞ্চুৰিয়া বি কুৰ্মীয়ে ৷ ‘জনতাৰ হকে কাম কৰাৰ মানসিকতাৰ বাবে জয়ী হ’ল ৰূপজ্যোতি’ - আনন্দৰে এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৰূপজ্যোতিৰ পত্নীয়ে ৷
2.এবছৰত ৰাজ্যত আত্মহননৰ ঘটনা 36.8 শতাংশলৈ বৃদ্ধি
ক’ভিড(Covid)কালীন পৰিস্থিতিৰ কবলত থকা 2020 চনটোত অসমত 3,243 গৰাকী ব্যক্তি আত্মঘাতী হৈছিল । পাৰিবাৰিক সমস্যাৰ বাবে 1,386 গৰাকী লোক অৰ্থাৎ 42.7 শতাংশ লোকে আত্মহনন(Suicide)ৰ পথ বাছি লৈছে ৷ আত্মহননৰ পথ বাছি লোৱা লোকসকলৰ বেছিভাগেই আৰ্থিকভাৱে পিছপৰা আৰু দৈনিক শ্ৰম কৰি জীৱন নিৰ্বাহ কৰা লোক ৷
3.থাওৰা সমষ্টিত ব্যাপক ৰিগিঙৰ অভিযোগ
‘জনতাৰ ৰায়দান ক্ৰয় কৰি হত্যা কৰা হৈছে গণতন্ত্ৰক ৷ থাওৰাৰ বিধানসভা সমষ্টিৰ পশ্চিম পানীদিহিং এলেকাত সংঘটিত হৈছে ৰিগিঙৰ দৰে এক ঘটনা’ ৷ থাওৰা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা কেন্দ্ৰত উপস্থিত হৈ এই অভিযোগ তৰিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰে । কেৱল কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে নহয়, ভোটগণনা চলি থকাৰ মাজতে এই অভিযোগ উত্থাপন কৰে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰেও ৷
4.খেল খেলি অভিজ্ঞতা হৈছে, এইবাৰো জয় বিজেপিৰ : ফণীধৰ তালুকদাৰ
খেল খেলি আত্মবিশ্বাসী হৈ পৰিছে বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰ ৷ পূৰ্বৰ দৰে এইবাৰো শেষ হাঁহি মাৰিব বিজেপিয়ে ৷ সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে বিজেপি প্ৰাৰ্থী তালুকদাৰে ৷ উল্লেখ্য যে, মঙলবাৰে পুৱাৰে পৰা উপ নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে ৷ দ্বিতীয় ৰাউণ্ডৰ অন্তত ফণীধৰ তালুকদাৰে লাভ কৰিছে 10164 ভোট ৷ আনহাতে, কংগ্ৰেছ প্ৰাৰ্থীগাৰকীয়ে 2325 ভোট লাভ কৰাৰ লগতে এআইইউডিএফ (AIUDF) ৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 454 টা ভোট । দ্বিতীয় ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰ 7839 টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে ৷
5.ধনদাবীৰ গোচৰত গ্ৰেপ্তাৰ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী অনিল দেশমুখ
সোমবাৰে ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতে প্ৰাক্তন মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হয় । তেওঁৰ বিৰুদ্ধে প্ৰায় ১০০ কোটি টকাৰ ধন দাবীৰ এক গোচৰ ৰুজু হৈ আছে । ইয়াৰ পূৰ্বে ইডিয়ে দেশমুখৰ প্ৰাক্তন ঘনিষ্ঠ সহায়ক সঞ্জীৱ পালাণ্ডে আৰু কুন্দন চিন্দেক গ্ৰেপ্তাৰ কৰিছিল ।
6.ডাইনীৰ সন্দেহত জীৱন্তে জ্বলোৱাৰ চেষ্টা মহিলাক
বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ জয়জয়কাৰৰ সময়তো আমাৰ সমাজৰ পৰা এতিয়াও অন্ধবিশ্বাসৰ ভাৱধাৰা আঁতৰ হোৱা নাই । ভূত-প্ৰেত, ডাইনী আদিবোৰ সঁচাকৈয়ে আছেনে নাই সেইটো কোনেও সঠিককৈ ক’ব নোৱাৰিলেও কিন্তু, সৰহভাগেই ইয়াক বিশ্বাস কৰে । বিজ্ঞান শিক্ষাৰ প্ৰভাৱ পৰাৰ লগে লগে ৰাজ্যৰ পৰা বহু অন্ধবিশ্বাস আঁতৰ হ’ল যদিও, ডাইনী বোলা অন্ধবিশ্বাসটো এতিয়াও আমাৰ সমাজ জীৱনত শিপাই আছে । এই কথাকে পুনৰবাৰ প্ৰতিপন্ন হ’ল ডিব্ৰুগড় জিলাৰ কঠালবাম গাঁৱত ৷
7.মঙলবাৰেও বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য
ধাৰাবাহিকভাৱে দেশত বৃদ্ধি হৈছে ইন্ধনজাত সামগ্ৰীৰ মূল্য । পেট্ৰ'ল আৰু ডিজেলৰ মূল্য একেৰাহে বাঢ়ি আছে । ৰাজধানী চহৰত এতিয়া পেট্ৰ'ল প্ৰতি লিটাৰত ১১০.০৪ টকা । মুম্বাইত একে পেট্ৰ'লৰ মূল্য হৈছেগৈ ১১৫.৮৫ টকা ।
8.পশ্চিমবংগৰ উপ নিৰ্বাচন : দিনহাটা বিধানসভা সমষ্টিত তৃণমূল কংগ্ৰেছৰ অগ্ৰগতি
মঙলবাৰে পূৰ্ণ গতিত চলিছে পশ্চিমবংগৰ ৪টা বিধানসভা সমষ্টিৰ ভোটগণনা প্ৰক্ৰিয়া । পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ দিনহাটা, উত্তৰ ২৪ পৰগণা জিলাৰ শাৰধা, গোছাবা আৰু নদিয়া জিলাৰ শান্তিপুৰ সমষ্টিত যোৱা ৩০ অক্টোবৰত উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল ।
9.কেইবাটাও বিভাগৰ সৈতে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ পৰ্যালোচনা বৈঠক
সোমবাৰে শক্তি মন্ত্ৰালয়, কয়লা মন্ত্ৰালয় আৰু পাৰমাণৱিক শক্তি বিভাগৰ সৈতে কেন্দ্ৰীয় বিত্ত আৰু কৰ্প'ৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ পৰ্যালোচনা বৈঠক । নিৰ্মলা সীতাৰমণৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত শক্তি, কয়লা, পাৰমাণৱিক শক্তি বিভাগত মূলধনৰ ব্যয়ৰ পৰিমাণ বৃদ্ধি সন্দৰ্ভত আলোচনা কৰা হয় ।
10.কোচিত 5খনকৈ অত্যাধুনিক জাহাজ মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
তিনিদিনীয়া ভ্ৰমণসূচীৰে কোচিত উপস্থিত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Sarbananda Sonowal) । সোমবাৰে কোচিত ৫ খন অত্যাধুনিক জাহাজ মুকলি কৰা হয় । কোচি শ্বিপয়াৰ্ড লিমিটেডৰ উদ্যোগত আয়োজিত অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।