ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Apr 9, 2022, 11:18 AM IST

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

কংগ্ৰেছ এটা ক্লাব আৰু ভূপেন বৰা ক্লাবৰ সভাপতি : এআইইউডিএফ

গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত এআইইউডিএফ-ৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলাম আৰু কৰিমউদ্দিন বৰভূঞা (AIUDF organize a press meet in Guwahati) ই অংশগ্ৰহণ কৰি কংগ্ৰেছক তুলা-ধূনা দিয়ে ৷ ৰমজানৰ পাচত ৰাজ্যজুৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ । মুখ্যমন্ত্ৰীৰ বাহিৰে মন্ত্ৰীসভাত এজনো দক্ষ মন্ত্ৰী নাই । জনসংখ্যা নিয়ন্ত্ৰণৰ এটাই ঔষধ ‍আৰু সেয়া হৈছে শিক্ষা ।

মাজুলীৰ মিচাৰমৰাত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া

মাজুলী মিচাৰমৰাত ব্ৰহ্মপুত্ৰৰ ব্যাপক গৰাখহনীয়া (Brahmaputra river erosion in Majuli) । চ'ত মাহতেই মহাবাহু ব্ৰহ্মপুত্ৰই লৈছে ভয়ংকৰ ৰূপ । নৈৰ বুকুত বিলীন হৈছে কৃষি ভূমি । গৰাখহনীয়া প্ৰতিৰোধত ব্যৰ্থ বুলি ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু টি কে কোম্পানীৰ বিৰুদ্ধে অভিযোগ ৰাইজৰ ।

কোনো কাৰণতে বৃদ্ধি নহয় বাছৰ ভাড়া: মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

70 শতাংশ ভাড়া বৃদ্ধি কৰাৰ যুক্তি গ্ৰহণযোগ্য নহয় । ক'ৰবাত কোনোৱে ভাড়া বেছিকৈ লোৱাৰ অভিযোগ পৰিবহণ বিভাগক দিলেই বাতিল হ'ব বাহনৰ অনুজ্ঞাপত্ৰ । পেট্ৰ'ল-ডিজেলৰ দাম সদায় একে নাথাকে । এতিয়া কিছু বৃদ্ধি পাইছে যদিও পাছত কমি যাব । মুঠৰ ওপৰত এতিয়া ভাড়া বৃদ্ধি নহয় (Chandra Mohan Patowary on bus fare hike) । এই মন্তব্য পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷

Om Birla in Guwahati: পাঁচদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত লোকসভাৰ অধ্যক্ষ

পাঁচদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে গুৱাহাটীত উপস্থিত হয় লোকসভাৰ অধ্যক্ষ ওম বিৰলা (Om Birla arrives Guwahati)। লোকসভাৰ অধ্যক্ষগৰাকীয়ে শনিবাৰে অসম বিধানসভাত উদ্বোধন কৰিব কমনৱেল্থ পাৰ্লিয়েমেন্টেৰী এছ'চিয়েছনৰ সন্মিলন । যি সন্মিলনত বিশ্বৰ ৪০ খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ।

বাছৰ ভাড়া ৭০ শতাংশ বৃদ্ধিৰ দাবী মটৰ পৰিবহণ সন্থাৰ

ইন্ধনৰ মূল্যবৃদ্ধিয়ে সমগ্ৰ ব্যৱস্থাটোৰ ওপৰতে প্ৰভাৱ পেলাইছে । পেট্ৰ'ল-ডিজেলৰ অভাৱনীয় আৰু ক্ৰমবৰ্ধিত মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এইবাৰ বৃদ্ধি পাব যাত্ৰীবাহী বাছৰ ভাড়া । এই সন্দৰ্ভত সদৌ অসম মটৰ পৰিবহণ সন্থাই ৰাজ্যত যাত্ৰীবাহী যান-বাহনৰ ভাড়া বৃদ্ধি কৰাৰ বাবে চৰকাৰক আহ্বান জনাই অসম চৰকাৰৰ পৰিবহণ আয়ুক্তক স্মাৰক পত্ৰ দিছে (Demand for increasing bus fair by 70 percent) ।

GMC Ward Mapping: গুৱাহাটী পৌৰ নিগমৰ মানচিত্ৰৰ বিভ্ৰান্তি সম্পৰ্কত জিলা প্ৰশাসনৰ স্পষ্টিকৰণ

গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডসমূহৰ মানচিত্ৰকলৈ সৃষ্টি হোৱা বিভ্ৰান্তি (GMC ward mapping controversy) সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰশাসনে বৃহস্পতিবাৰে স্পষ্টিকৰণ আগবঢ়ায় । গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডসমূহৰ মানচিত্ৰ সম্প্ৰতি কোনো সালসলনি কৰা হোৱা নাই বুলি কামৰূপ মহানগৰ জিলা প্ৰশাসনে জানিবলৈ দিয়ে ।

মহানগৰীৰ বিৰুবাৰীত নাইট্ৰ'জেন চিলিণ্ডাৰ বিস্ফোৰণ

মহানগৰীৰ বিৰুবাৰীত নাইট্ৰ'জেন চিলিণ্ডাৰ বিস্ফোৰণ ৷ বিৰুবাৰীৰ এটি অট্টালিকাত সংঘটিত এই ভয়ংকৰ বিস্ফোৰণত কথমপি প্ৰাণ ৰক্ষা পৰিল এটি পৰিয়ালৰ(Nitrogen cylinder blast in Birubari)৷

ভোটৰ দিন : গুৱাহাটীত স্থানীয় বন্ধ ঘোষণা চৰকাৰৰ

22 এপ্ৰিলত সকলো চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, বেংক, শৈক্ষিক প্ৰতিষ্ঠানকে আদি কৰি সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু কাৰ্যালয় বন্ধ থাকিব (Public Holiday declared on April 22 for GMC election) । শুকুৰবাৰে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিলে ৰাজ্য চৰকাৰে ৷

পাঁচ কোটি টকীয়া সম্পতিৰ মালিক হৈয়ো অনাথ হ’ল দুটা হাতী

ৰামনগৰত সংঘটিত হৈছে এটা দুখ লগা ঘটনা ৷ গৰাকী বিহীন জীৱন কিমান ভয়ংকৰ তাৰেই উমান পোৱা গ’ল ৰামনগৰত ৷ পৰিয়ালকেন্দ্ৰিক বিবাদৰ ফলত অনাথ হোৱা মতি আৰু ৰাণীৰ অৱস্থা সম্প্ৰতি সংকটজনক (Fodder crisis in front of two elephants in Ramnagar ) ৷

জোৱানক ঘৰুৱা কামত ব্যৱহাৰ কৰিব নোৱাৰিব শীৰ্ষ আৰক্ষী বিষয়াই : মুখ্যমন্ত্রী

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা । পিএছঅ’ কর্তনক লৈ কঠোৰ স্থিতি গ্ৰহণ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Assam CM takes tough stand on PSO)। কিমান সংখ্যক বেটেলিয়নৰ জোৱান আৰক্ষী বিষয়াৰ গৃহত আইন বহির্ভূতভাৱে নিয়োজিত হৈ আছে, সেই বিষয়ে ১০ দিনৰ ভিতৰত বেটেলিয়নৰ অধিনায়ক আৰু আৰক্ষী অধীক্ষকসকলৰ পৰা প্ৰতিবেদন বিচাৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.