জনীয়া, 8 জুন: মঙলবাৰে বৰপেটাৰোড বন সংমণ্ডলৰ অন্তৰ্গত কলগাছিয়াৰ চিকনী গাঁৱত বন বিভাগে অভিযান চলাই এটা অবৈধ কাঠফলা মিলৰ ভেটি উচ্ছেদ কৰাৰ লগতে কাঠ ফলা মেচিন জব্দ কৰে ৷
উল্লেখ্য যে, প্ৰশাসনৰ চকুৰ আগতে দীৰ্ঘদিন ধৰি কলগাছিয়াৰ চিকনী গাঁৱত অবৈধ কাঠফলা মিল চলি আছিল । মঙলবাৰে বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ পম খেদি বৰপেটা ৰোড বন বিষয়া গৌতম মহন্তৰ নেতৃত্বত এটি সজাতি দলে কলগাছিয়াৰ চিকনী গাঁৱত এক অভিযান চলায় ।
অভিযানকালত চিকনী গাঁৱৰ পৰা এটা কাঠফলা মিল উচ্ছেদ কৰাৰ লগতে ১ লাখ টকাৰ শাল কাঠ জব্দ কৰিবলৈ সক্ষম হয় । ৰেঞ্জাৰ গৌতম মহন্তই জব্দ কৰা কাঠৰ গৰাকীৰ কোনো শুংসূত্ৰ পোৱা নাই বুলি সাংবাদিকৰ আগত সদৰি কৰে ৷
লগতে পঢ়ক: বিভিন্ন কেলেংকাৰীত সাঙোৰ খাইছে অসম চৰকাৰৰ দুজনকৈ মন্ত্ৰীৰ নাম !