জনীয়া,12 এপ্ৰিল : বৃহত্তৰ কলগাছিয়া অঞ্চলত আই পি এলৰ নামত ব্যাপক জুৱা বৃদ্ধি পোৱাত যুৱ প্ৰজন্ম ধ্বংসৰ পথত গতি কৰিছে । ফলত বৃদ্ধি পাইছে চুৰি, ডকাইতি আৰু বিভিন্ন অসামাজিক কাৰ্যকলাপ । আজি কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কাদং গাঁৱৰ পৰা আই পিএল জুৱাৰ সৈতে জড়িত তিনি জনক আটক কৰি কলগাছিয়া আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে । আটকাধীন লোক সকল ক্ৰমে সোণাপুৰ গাঁৱৰ ছাত্তাৰ আলীৰ পুত্ৰ ৰহিম আলি (২৮), কাদং গাঁওৰ আমজাদ আলীৰ পুত্ৰ আব্দুল হাকিম (২৫) আৰু ৰচুলপুৰ গাঁৱৰ আব্দুল হালিমৰ পুত্ৰ আবুল কালাম আজাদ (৩৪) বুলি জানিব পৰা গৈছে ।
বিগত কিছুদিন ধৰি বৃহত্তৰ কলগাছিয়া এলেকাত আই পি এলৰ নামত জুৱা খেলৰ দৰে অসামাজিক কাম ব্যাপক ভাৱে বৃদ্ধি পাইছে । এনে ক্ষেত্ৰত কলগাছিয়া আৰক্ষীয়ে কেৱল দুই এটা জুৱাৰীক আটক কৰি দায়িত্ব সামৰাৰ বিপৰীতে বৃহত্তৰ কলগাছিয়া এলেকাত আই পি এল জুৱাৰ দৰে অসামাজিক কামৰ লগত জড়িত থকা জুৱা খেল বন্ধ কৰিবলৈ কলগাছিয়াৰ সচেতন নাগৰিকে দাবী জনাইছে ।
লগতে পঢ়ক : টীয়কত মইনাজান বিহু হুঁচৰি দলৰ আখৰা