বৰপেটা, ১৬ মে': ক’ভিড-19ৰ সংক্ৰমণে ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে বৰপেটাত ৷ ক’ভিড-19 ত আক্ৰান্ত হৈ জিলাখনত দেওবাৰে 3 গৰাকী লোকৰ মৃত্যু হৈছে ৷ ইযাকে লৈ জিলাখনত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা 44 জনলৈ বৃদ্ধি পালে ৷ দেওঁবাৰে জিলাখনত নতুনকৈ 64 গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে ৷
বৰপেটাত মুঠ ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা 3177 গৰাকী ৷ উল্লেখ্য যে, এতিয়ালৈকে জিলাখনত মুঠ 1167 গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে 1958 গৰাকী ৰোগী বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ৷
লগতে পঢ়ক : নতুন ক’ভিড নিৰ্দশনা অনুসৰি মঙলদৈত বন্ধ হ’ল সকলো দোকান-পোহাৰ