বৰপেটা,৪ মে’ঃ তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ প্ৰথম দিনটোত প্ৰায় স্বাভাৱিক অৱস্থা বিৰাজ কৰে বৰপেটা চহৰত ৷ লক্ ডাউনৰ ক্ষেত্ৰত চৰকাৰে কিছু শিথিলতা প্ৰদানৰ পিচতে বৰপেটা চহৰত দেখা যায় মানুহৰ ভিৰ ৷ বজাৰ অঞ্চলৰ দোকানসমূহ খোলাৰ ক্ষেত্ৰত আৰক্ষী আৰু ৰাজহ চক্ৰ বিষয়াই দোকানীসকলৰ ওচৰলৈ গৈ এখন এৰি এখন খোলাৰ নিৰ্দেশ প্ৰদান কৰে ৷ অৱশ্যে চহৰৰ মাজমজিয়াৰ মূল বজাৰৰ বজাৰ চৌহদটো খোলাৰ নিৰ্দেশ দিয়া নাই প্ৰশাসনে ৷
লক্ ডাউনৰ শিথিলতাৰ সুযোগ গ্ৰহণ কৰি বৰপেটা চহৰত মানুহৰ ভিৰ পৰিলক্ষিত হ’লেও প্ৰশাসনে চহৰৰ মূল বজাৰ অঞ্চলৰ মাজত গাড়ী-মটৰৰ চলাচল বন্ধ ৰখাৰ লগতে বেৰিকেড গঢ়ি তালাচী অব্যাহত ৰাখিছে ৷ চহৰখনৰ মূল বজাৰ অঞ্চললৈ যান-বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে ৷ তদুপৰি,বৰপেটাৰ পৰা অন্য জিলালৈ কোনো লোক যাব বিচাৰিলে ৰাজ্যিক পৰিবহণ বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে ৷
লগতে চাওকঃ পুনৰ মুকলি হ'ল শৰাইঘাটৰ পুৰণি দলং