বৰপেটা, ২৭ মে': বহিঃৰাজ্যৰ চোৰ, ডকাইত, প্ৰৱঞ্চকৰ ঘাটিত পৰিণত হৈছে বৰপেটা । দেওবাৰে নিশা বহিঃৰাজ্যৰ পৰা আহি দুষ্কাৰ্য সংঘটিত কৰাৰ অভিযোগত , বৰপেটাৰ হাউলীত ঘাটি পতা এটা দুৰ্ধৰ্ষ চোৰ আৰক্ষীৰ জালত পৰে ।
![etv bharat assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/3392243_fhdhgjdfh1.jpg)
বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক ড0 ৰবীন কুমাৰৰ নিৰ্দেশক্ৰমে দেওবাৰে নিশা হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন গোস্বামীৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই হাউলীৰ মানসকন্যা ধাবাৰ সমীপৰ এটা ডেম্পৰ পৰা বহিঃৰাজ্যৰ এটা দুৰ্ধৰ্ষ চোৰ আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ হাতত আটক হোৱা চোৰটোৰ নাম আহম্মদউল্লাহ । পশ্চিমবংগৰ মালদহৰ গায়েছবাৰীৰ বাসিন্দা ছমিৰ উদ্দিনৰ পুত্ৰ আহম্মদউল্লাহক আৰক্ষীয়ে ২০ লক্ষাধিক টকাৰ চুৰি সামগ্ৰীসহ আটক কৰিবলৈ সক্ষম হয় । ইপিনে ডেম্পটোৰ পৰা আৰক্ষীয়ে মোবাইল টাৱাৰত ব্যৱহৃত ২৪ টাকৈ বেটাৰী, বৃহৎ পৰিমাণৰ অপটিকেল ফাইবাৰ কেবল আৰু ৩৩ কেভিৰ এলুমিনিয়াম তাঁৰ জব্দ কৰিবলৈ সক্ষম হয় । নিশা চুৰি সামগ্ৰীসমূহ অন্য ঠাইলৈ সৰবৰাহ কৰাৰ বাবে যো-জা চলাই থকাৰ সময়তে হাউলী আৰক্ষীয়ে অভিযান চলাই চুৰি সামগ্ৰীসহ চোৰটোক আটক কৰে । আনহাতে চুৰি সামগ্ৰী ৰখা ডেম্পটোৰ গৰাকী ইফতাৰুল আলী পলায়ন কৰিবলৈ সক্ষম হয় ৷ পলাতক ইফতাৰুল আলীৰ ঘৰ পশ্চিমবংগৰ মালদহৰ কালিয়া চ'ক থানাৰ অন্তৰ্গত চুজাপুৰৰ স্কুলপাৰাত বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে । হাউলী চহৰৰ মাজমজিয়াত এনেদৰে বহিঃৰাজ্যৰ দুৰ্বৃত্তই ঘাটি পাতি দুষ্কাৰ্য সংঘটিত কৰি থকা ঘটনাই এতিয়া ৰাইজক চিন্তিত কৰি তুলিছে । অৱশ্যে এই চুৰি কাৰ্যৰ সৈতে জড়িত সমগ্ৰ চক্ৰটোক উৎখাত কৰাৰ বাবে হাউলী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।