ETV Bharat / state

Thief caught : শিশু লৈ পলায়ন কৰা ম’বাইল চোৰ আটক

author img

By

Published : May 1, 2023, 7:55 AM IST

Updated : May 1, 2023, 8:05 AM IST

কলগাছিয়াৰ দেউকুৰাত এটা চোৰ আটক ৷ চোৰটোৰ পৰা এটা ম’বাইলৰ লগতে উদ্ধাৰ কৰা হৈছে এটি ১২ বছৰীয়া শিশু ৷ আটকাধীন চোৰটো কলগাছিয়াৰ বালাৰপাথাৰ গাঁৱৰ সদাগৰ অলীৰ পুত্ৰ ৰাকিবুল ইছলাম বুলি জানিব পৰা গৈছে (Public Caught Thief in Kalgachia) ৷

Public Caught Thief in Kalgachia
নিচাসক্ত অৱস্থাত থকা গভাইত চোৰ আটক
ৰাইজে আটক কৰিলে চোৰ

বৰপেটা, 1 মে’: কলগাছিয়াৰ দেউকুৰাত এটা চোৰ আটক ৷ চোৰটোৰ পৰা এটা ম’বাইলৰ লগতে উদ্ধাৰ কৰা হৈছে এটি ১২ বছৰীয়া শিশু ৷ এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (Public Caught Thief in Kalgachia) ৷

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দেউকুৰা গাঁৱত দেওবাৰে নিশা নিচাসক্ত অৱস্থাত থকা এটা গভাইত চোৰ আটক কৰে ৰাইজে ৷ আটকাধীন চোৰটো কলগাছিয়াৰ বালাৰপাথাৰ গাঁৱৰ সদাগৰ আলীৰ পুত্ৰ ৰাকিবুল ইছলাম বুলি জানিব পৰা গৈছে (Locals Apprehend Thief in Kalgachia) ৷

উল্লেখযোগ্য যে এইটো নিচাসক্ত ৰাকিবুল ইছলাম নামৰ চোৰটোৱে দেওবাৰে দিনৰ ভাগত বৰপেটা ৰোডৰ পৰা এটা এণ্ড্ৰইড ম’বাইল চুৰি কৰি অনাৰ লগতে ফুচুলাই লৈ আহে এটি ১২ বছৰীয়া শিশু ৷ শিশুজন বৰপেটাৰ হিলাপাগুৰি গাঁৱৰ আনোৱাৰ হুছেইনৰ পুত্ৰ আনছেৰ আলী বুলি জানিব পৰা গৈছে (Thief Detaine in Kalgachia) ৷

লগতে পঢ়ক: Pijush Hazarika in Morigaon; পীযুষ হাজৰীকাই কোৱাৰ দৰেই হিন্দু ধৰ্মৰ প্ৰতি মনোভাৱ বেয়া নেকি অখিল গগৈৰ ?

দুয়োজনে নিশাৰ ভাগত দেউকুৰা গাঁৱত নিচাজাতীয় দ্ৰব্য সেৱন কৰি থকা অৱস্থাত ৰাইজে আটক কৰে ৷ আটক কৰাৰ পিছত ৰাকিবুল ইছলামৰ পৰা দুটা এণ্ড্ৰইড ম’বাইল আৰু নিচাজাতীয় কিছু সামগ্ৰী উদ্ধাৰ কৰে ৷ শিশুটিক কাম দিয়াৰ চলেৰে ফুচুলাই লৈ অহা বুলি ৰাকিবুল নামৰ চোৰেটোৱে সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে ৷ লগতে টকাৰ অভাৱত বৰপেটা ৰোডৰ পৰা চাৰ্জত থকা অৱস্থাত এটা ম’বাইল চুৰি কৰি আনিছে বুলিও স্বীকাৰ কৰে চোৰটোৱে (Public Detained Thief at Kalkgachia) ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ দুয়োকে কলগাছিয়া আৰক্ষী থানাত লৈ যায় ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হয় ৷

লগতে পঢ়ক: AAP slams BJP: নিৰন্তৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সংবাদমেল আপ অসমৰ; এইবাৰ টাৰ্গেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

Last Updated : May 1, 2023, 8:05 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.