বৰপেটা, 7 মাৰ্চঃ দৌল মহোৎসৱৰ প্ৰাকক্ষণত বৰপেটাৰ বামুন বাৰাদি সত্ৰৰ দুটাকৈ পৰিয়ালত দুটাকৈ ঘৰত সংঘটিত চুৰিৰ ঘটনা ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ দুই ভাতৃৰ পৰিয়ালত চোৰে চলালে লুটপাত ৷ আলমিৰা ভাঙি চোৰে লুটি নিয়ে সোণৰ গহনাৰ লগতে নগদ ধন ৷ ভগৱান দাস নামৰ পৰিয়ালটোৰ ঘৰৰ পৰা চোৰে লুটি নিলে তিনি তোলা সোণৰ গহনাৰ লগতে প্ৰায় 27 হাজাৰ নগদ টকা ৷ আনহাতে কুলেন দাসৰ ঘৰৰ পৰা চোৰে লুটি নিয়ে সোণৰ গহনা আৰু নগদ টকা ৷ পৰিয়ালৰ লোকৰ গোচৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়কঃ আৰক্ষীৰ জালত নাহৰকটীয়া ডকাইতি কাণ্ডৰ তৃতীয়টো ডকাইত