ETV Bharat / state

বৰপেটাৰোডত CCTV ত আৱদ্ধ চুৰিকাণ্ড - শিমলাগুৰীত একে নিশাতেই 7 খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান

বৰপেটাৰোডৰ শিমলাগুৰিত একে নিশাতে 7 খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হৈছে চুৰি কাণ্ড । যোৱা 30 জুনৰ ৰাতি শিমলাগুৰিত সংঘটিত হৈছে এই চুৰি কাণ্ডৰ ঘটনা ৷

বৰপেটাৰোডত CCTV ত আৱদ্ধ চুৰিকাণ্ড
বৰপেটাৰোডত CCTV ত আৱদ্ধ চুৰিকাণ্ড
author img

By

Published : Jul 3, 2021, 3:37 PM IST

বৰপেটাৰোড, 3 জুলাই : বৰপেটাৰোডৰ শিমলাগুৰিত একে নিশাতে 7 খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি কাণ্ড সংঘটিত হৈছে । বিগত 30 জুনৰ ৰাতি ব্যৱসায়িক প্ৰতিষ্ঠানকেইখনত সংঘটিত হৈছে এই চুৰি কাণ্ড ৷ চোৰটোৱে কোনেও নেদেখাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৰা চুৰি কৰি নিবলৈ সোমাইছিল ৷ কিন্তু চিচিটিভিৰ পৰা সাৰি নগ’ল চুৰি কাৰ্যৰ সমগ্ৰ দৃশ্য ।

কিন্তু তাৰ মাজতে চোৰটোৱে কিন্তু পাহৰা নাছিল ক’ভিডৰ কথা । ক’ভিডৰ পৰা ৰক্ষা পাবলৈ চোৰটোৱে চুৰি কৰিবলৈ মাস্ক পৰিধান কৰি লৈছিল । চোৰে চুৰি কৰাৰ এই সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত আৱদ্ধ হৈছে ৷ শিমলাগুৰিৰ মদন দেৱনাথৰ ৰাধা-কৃষ্ণ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে কিদৰে চুৰ কৰিবলৈ সোমাইছিল সেই দৃশ্য কেমেৰাত বন্দী হৈছে ।

বৰপেটাৰোডত CCTV ত আৱদ্ধ চুৰিকাণ্ড

ৰাধা-কৃষ্ণ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৰা চোৰে বৃহৎ পৰিমাণৰ নগদ ধন চুৰি কৰি নিয়ে ৷

একে নিশাতেই আন 6 খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে চুৰি কাৰ্য চলাই গৈছিল ৷ কিন্তু সেইসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানত নাছিল চিচিটিভি কেমেৰা ৷ ৭ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা এক লাখতকৈ অধিক টকা চোৰে লুট কৰি নিয়া বুলি জানিব পৰা গৈছে ৷

বৰপেটাৰোডৰ মানাসপুৰৰ এটা ঘৰৰ পৰা 3 খনকৈ ই-ৰিক্সাৰ বেটেৰীও চোৰে চুৰ কৰি নিয়া বুলি জানিব পৰা গৈছে । 7 খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীয়ে বৰপেটাৰোড আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ৷ চোৰে চুৰি কৰাৰ সমগ্ৰ দৃশ্যৰ চিচিটিভি ফুটেজ বৰপেটাৰোড আৰক্ষীক দিয়াৰ কথা জানিব পৰা গৈছে ৷ এইমুহুৰ্তলৈকে চোৰটোক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক: ক'ত হেৰাল 50 লক্ষাধিক মূল্যৰ চাহপাত ভৰ্তি ট্ৰাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.