বৰপেটা, 21আগষ্টঃ শুকুৰবাৰে নিশা বৰপেটা জিলাৰ গজিয়াৰ নাৰায়ণপুৰত নিশা সংঘটিত হয় চুৰিকাণ্ড ৷ ঘৰত গৃহস্থ নথকাৰ সুযোগত চোৰে লুটি নিলে নগদ ধনসহ সোণৰ অলংকাৰ ৷ গজিয়াৰ নাৰায়ণপুৰৰ গিৰিধাৰী দাস নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ড ৷
উল্লেখযোগ্য যে, বৃহস্পতিবাৰে পৰিয়ালৰ সদস্যসহ গিৰিধাৰী দাস পুৱা আলহী খাবলৈ গৈছিল ৷ সেই সুযোগতে চোৰে দৰ্জা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি দুটা গডৰেজ ভাঙি সোণৰ অলংকাৰ লগতে নগদ 50 হাজাৰ টকা লৈ উধাও হয় ৷ নিশা পৰিয়ালটোৰ লোকসকল ঘৰলৈ উভতি অহাৰ পিচতহে এই সম্পৰ্কত জ্ঞাত হোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ ঘটনা সম্পৰ্কে বৰপেটা আৰক্ষীক খবৰ দিয়াৰ পিচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ আনহাতে, স্থানীয় ৰাইজে ই-ৰিক্সাসহ এটা চোৰক ধৰি কৰি আৰক্ষীক গতাই দিয়া বুলি জানিব পৰা গৈছে ৷