ETV Bharat / state

পেটৰ বাবেই অহৰহ এখন যুদ্ধত ব্ৰতী তেওঁলোক

author img

By

Published : Nov 5, 2020, 11:54 AM IST

অসমৰ চাহ বাগিছা, ইটাৰ ভাটা, ৰোৱাতলি, চৰাঞ্চল আদিত দিবা-নিশি এক কৰি কষ্টৰে জীৱিকা নিৰ্বাহ কৰি আহিছে বহু মহিলাই ৷ ভোকৰ বাবেই এইদৰে অহৰহ এখন যুদ্ধত অক্লান্ত সৈনিকৰ দৰে যুঁজ দিব লাগে এই মহিলা সকলে ৷ মহিলা সকলে পুৰুষৰ লগত কামত ফেৰ মাৰিব পাৰিলেও তেওঁলোকক দিয়া নহয় পুৰুষৰ সমান মজুৰি ।

the women fought for hunger
the women fought for hunger

জনিয়া, 5 নবেম্বৰ : আজিৰ সমাজত পুৰুষৰ সমানে সমানে আগবাঢ়িছে মহিলাও ৷ কোনোটো ক্ষেত্ৰতেই মহিলা পিচ পৰি ৰোৱা নাই ৷ পুৰুষৰ সমানে কঠিনতকৈ কঠিন কাম সমাধা কৰিছে মহিলাই ৷ ইয়াৰে একাংশ মহিলাই প্ৰচাৰ লাভ কৰে যদিও আন একাংশ মহিলা ৰৈ যায় লোকচক্ষুৰ আঁৰত ৷ শ্ৰমিক শ্ৰেণীৰ মহিলা সকলৰ কথাই ক’ব খোজা হৈছে ৷ অসমৰ চাহ বাগিছা, ইটাৰ ভাটা, ৰোৱাতলি, চৰাঞ্চল আদিত দিবা-নিশি এক কৰি কষ্টৰে জীৱিকা নিৰ্বাহ কৰি আহিছে বহু মহিলাই ৷ ভোকৰ বাবেই এইদৰে অহৰহ এখন যুদ্ধত অক্লান্ত সৈনিকৰ দৰে যুঁজ দিব লাগে এই মহিলা সকলে ৷ যেতিয়া ভোকৰ যন্ত্ৰণাত নিজৰ গৰ্ভজাত সন্তানে ছটফটায় তেতিয়া একমাত্ৰ মাতৃ বুকুয়েহে অনুভৱ কৰিব পাৰে তেওঁলোকৰ অন্তৰ খনে কিমান কান্দে ।

পেটৰ বাবেই অহৰহ এখন যুদ্ধত ব্ৰতী তেওঁলোক

জনীয়া সমষ্টিৰ অন্তৰ্গত ছনপুৰা অঞ্চলতো মহিলাই যঠেষ্ট কষ্টৰে ভাত মোকলাই আহিছে ৷ এবুকু পানীত নামি মৰাপাট বখলিয়াই দিনটোৰ শেষহ কেইটামাহ টকা লৈ ঘৰমুৱা হয় এই মহিলাসকল ৷ হাতৰ মুঠি অথবা আঁচলত বান্ধি লোৱা মজুৰিৰ ধন কেইটাটেই নিহীত হৈ থাকে অন্তহীন আশা ৷ সন্তানকেইটাৰ মুখনত গুজি দিবলৈ এমুঠি ভাত, গাত দিবলৈ এডোখৰ কাপোৰ অথবা নিজৰ বাবেও প্ৰয়োজনীয় কিবা এপদ সামগ্ৰী সকলোবোৰ নিৰ্ভৰ কৰে সেই মজুৰিৰ টকা কেইটাত ৷ মহিলা সকলে পুৰুষৰ লগত কামত ফেৰ মাৰিব পাৰিলেও তেওঁলোকক দিয়া নহয় পুৰুষৰ সমান মজুৰি ।

বেঁকী নদীৰ গৰাখহনীয়াত সৰ্বস্বান্ত হোৱাৰ বাবে উপায়ন্তৰ হৈ এনেদৰে মৰাপাট ধোৱা, মাটি কঢ়িওৱা আদি কামত নামি পৰিছে মহিলা সকলে । অন্ন-বস্ত্ৰ-বাসস্থানকে ধৰি প্ৰতিটো ক্ষেত্ৰত চৰকাৰী আঁচনিৰ পৰাও বঞ্চিত হোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে এই মহিলা সকলে ৷

লগতে পঢ়ক : দেশত আৰম্ভ হ’ব দ্বিতীয় লানি কৃষক বিদ্ৰোহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.