বৰপেটা, 4 ফেব্ৰুৱাৰী: বৰপেটাৰ এগৰাকী টেট শিক্ষয়িত্ৰীৰ জীৱনৰ কৰুণ কাহিনী ৷ শিক্ষয়িত্ৰী গৰাকীৰ জীৱনত কাল হ'ল এটি পথ দুৰ্ঘটনাই ৷ 2011 চনত বৰপেটাৰ মন্দিয়াৰ এখন প্ৰাথমিক বিদ্যালয়ত টেট শিক্ষক পদত যোগদান কৰা শিক্ষয়িত্ৰী গৰাকীয়ে 7 বছৰ পূৰ্বে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এটি পথ দুৰ্ঘটনাত ৷ বিদ্যালয়ৰ পৰা কৰ্তব্য সামৰি এগৰাকী সতীৰ্থ শিক্ষকৰ সৈতে মটৰ চাইকেলত মন্দিয়াৰ পৰা বৰপেটালৈ আহি থকা অৱস্থাত ব'লেৰো বাহন সৈতে হোৱা সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল মুনমুন দাস নামৰ টেট শিক্ষয়ত্ৰীগৰাকী ৷
তাৰ পাচৰে পৰা বিচনাৰ ওপৰতে দিন অতিবাহিত কৰিছে মুনমুনে ৷ চাকৰিৰ পৰা অৱসৰ গ্ৰহন কৰা পিতৃ উৎলেন্দ্ৰ নাথ দাসে জীৱনৰ সমস্ত ধন কন্যাৰ চিকিৎসাৰ নামত ব্যয় কৰাৰ পিচতো সুস্থ হৈ উঠা নাই মুনমুন দাস ৷ ইফালে কৰ্তব্যত যোগদান কৰিব নোৱাৰাৰ বাবেও বিগত 7 বছৰে বঞ্চিত হৈ আছে প্ৰাপ্য দৰমহাকেইটাৰ পৰা ৷
উল্লেখ্য যে,প্ৰায় এবছৰ ধৰি জিএনআৰচি চিকিৎয়ালয়ত চিকিৎসা কৰাৰ পাচত সৰ্বহাৰা হোৱা পৰিয়ালটোৰ ওচৰত ঠিয় দিয়া বৰপেটাৰ পৰিবহন বিষয়া হিমাংশু কুমাৰ দাসে পৰিয়ালটোক সহায়ৰ বাবে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰণজিৎ কুমাৰ দাসক সাক্ষাৎ কৰাই ৷ বুধবাৰে টেট শিক্ষয়িত্ৰী গৰাকীৰ স্বাস্থ্যৰ বুজ লৈ এখন হুইল চেয়াৰ আৰু এখন ৱাটাৰপ্ৰুফ মেট্ৰেচ প্ৰদান কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰণজিৎ কুমাৰ দাসে ৷ ইয়াৰ লগতে শিক্ষয়িত্ৰী গৰাকীৰ পিতৃয়ে বন্ধ হৈ থকা দৰমহাখিনি মোকলাই দিয়াৰ বাবে ব্যৱস্থা ল'বলৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসক আবেদন জনায় ৷
লগতে পঢ়ক:পদ-পথৰ পৰিত্যক্ত অৱস্থাত থকা দেৱালত চিত্ৰ অংকণত ব্যস্ত এদল যুৱক