ETV Bharat / state

কলগাছিয়াত বাঢ়িছে নিচাযুক্ত দ্ৰব্য সেৱনকাৰীৰ সংখ্যা - barpeta news

কলগাছিয়া থানাৰ অন্তৰ্গত হালধীয়া গাঁৱত নিচাসক্ত যুৱকৰ তাণ্ডৱ ৷ পথচাৰীৰ পৰা ম’বাইল কঢ়াৰ চেষ্টা কৰি ব্যৰ্থ হৈ পলায়ন কৰিব ধৰোতে দুৰ্ঘটনাত পতিত হয় তিনিজনকৈ নিচাসক্ত যুৱক ৷ অঞ্চলটোত নিচাসক্ত যুৱকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বাঢ়িবলৈ ধৰিছে অপৰাধজনিত ঘটনা ৷

how-terrible-can-a-durgs-addiction-be
কিমান ভয়ংকৰ হ'ব পাৰে ড্ৰাগছ আসক্তি ?
author img

By

Published : Nov 6, 2021, 11:39 AM IST

জনীয়া, 6 নৱেম্বৰ : কিমান ভয়ংকৰ হ'ব পাৰে ড্ৰাগছ(Drugs) আসক্তি ? ৰাজ্যত দিনক দিনে বাঢ়ি আহিছে নিচাসক্ত ব্যক্তিৰ সংখ্যা ৷ যাৰ ফলত বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা ৷ আনকি কিছুমান লোকে ড্ৰাগছ সেৱনৰ বাবে চুৰি কাৰ্যৰ দৰে অপৰাধমূলক কামো কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে ৷

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত হালধীয়া গাঁৱত শুকুৰবাৰে এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ জানিব পৰা মতে, অঞ্চলটোৰ শ্ল’ বজাৰ এলেকাত AS-15 H-6423 নম্বৰৰ এখন বাজাজ পালচাৰ বাইক কলগাছিয়াৰ পৰা কাউৰজাহি অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই বাঁহনিৰ মাজত সোমাই পৰে ।

how-terrible-can-a-durgs-addiction-be
কিমান ভয়ংকৰ হ'ব পাৰে ড্ৰাগছ আসক্তি ?

নিয়ন্ত্ৰণ হেৰুওৱা বাইক আৰোহী তিনি যুৱক দুৰ্ঘটনাৰ সময়ত নিচাসক্ত অৱস্থাত আছিল ৷ স্থানীয় লোকৰ অভিযোগ মতে, খৰিচালা বজাৰৰ পৰা মটৰ চাইকেলেৰে আহি যুৱক তিনিজনে এজন পথচাৰীৰ পৰা ম’বাইল কাঢ়ি নিবলৈ চেষ্টা কৰিছিল ৷

পিছে পিছে একাংশ লোকে যুৱক তিনিজনক খেদি অহাত পথতে ৰখি থকা এজন যুৱকৰ মটৰ চাইকেলৰ চাবি কাঢ়ি তীব্ৰবেগে পলায়ন কৰে যদিও নিয়ন্ত্ৰণ হেৰুৱাই কিছুদূৰ যোৱাৰ পিছতে বাগৰি পৰে ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে যুৱক তিনিজনক আটক কৰি উত্তম-মাধ্যম শোধায় ৷

যুৱক তিনিজন ক্ৰমে শ্ল’ বজাৰৰ আশ্ৰাফুল ইছলাম আৰু ডিমাপুৰ গাঁৱৰ ছাইদুৰ আলম, ছাইদুৰ ইছলাম বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে তিনিজনকে সংকটজনক অৱস্থাত কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ উল্লেখ্য যে, বৰপেটা জিলাৰ কলগাছিয়াত ক্ৰমাৎ বৃদ্ধি হৈছে ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা ৷ সেয়েহে স্থানীয় ৰাইজে নিচাজাতীয় সামগ্ৰী বন্ধ কৰাৰ বাবে প্ৰশাসনক দাবী জনাইছে ।

লগতে পঢ়ক : নুমলীগড়ত দুই ব্যৱসায়ীৰ মাজত মাৰপিট : মৃত্যু এজনৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.