বৰপেটা, 1 আগষ্ট: মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰৰ এগৰাকী কেৱলীয়া ভকত নৰহৰি বুঢ়াভকত ৷ বুঢ়াভকত আছিল অসমৰ সত্ৰীয়া সংস্কৃতিৰ এক উজ্বল নক্ষত্ৰ ৷ ভোৰতাল নৃত্যৰে জগত জিনিছে সেই পুৰোধা ব্যক্তি গৰাকীয়ে ৷ গুৰু দুজনাৰ স্মৃতি বিজড়িত বৰপেটা সত্ৰৰ বুঢ়াভকতৰ আসনত উপবিষ্ট হৈয়ো নৈমিত্তিক ধৰ্মীয় কাৰ্যতেই নিজক সীমাৱদ্ধ নাৰাখি নৰহৰি বুঢ়াভকত, হৈ পৰিছিল সমগ্ৰ অসমৰে সত্ৰীয়া সংস্কৃতিৰ মধ্যমণি ৷ সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু নৱ প্ৰজন্মক সত্ৰীয়া সংস্কৃতিত দিক্ষীত কৰাৰ লক্ষ্যৰে বৰপেটা সত্ৰৰ নিচেই সমীপতে তেওঁ স্থাপন কৰিছিল নৰহৰি বুঢ়াভকত সংগীত বিদ্যালয় ৷ এসময়ৰ সত্ৰনগৰী বৰপেটাৰ সত্ৰীয়া সংস্কৃতিৰ মধ্যমণি নৰহৰি বুঢ়াভকত আৰু তেওঁ স্থাপন কৰা নৰহৰি বুঢ়াভকত সংগীত বিদ্যালয় সম্প্ৰতি পাহৰণিৰ গৰ্ভত ৷ পৰিচৰ্যাৰ অভাৱত জৰাজীৰ্ণ অৱস্থাত পৰি ৰৈছে সত্ৰীয়া সংস্কৃতিৰ মহান মনিষী গৰাকীয়ে স্থাপন কৰা সংগীত বিদ্যালয়খন ৷ বিদ্যালয়খনলৈ যোৱা বাট-পথ, বিদ্যালয়গৃহকে ধৰি সকলো এতিয়া বানৰ কবলত পৰি বুৰ গৈছে পানীৰ তলত ৷ জহি খহি গৈছে গৃহটো ৷
নৰহৰি বুঢ়াভকত সংগীত বিদ্যালয়খনৰ জৰাজীৰ্ণ ৰূপটোত যেন প্ৰতিফলিত হৈছে বহুতৰে দায়িত্বজ্ঞানহীনতাৰ স্বৰূপ, প্ৰতিফলিত হৈছে জাতীয় জীৱনৰ এক বিধ্বস্ত ৰূপ ৷ "এৰাবাটৰ সুৰ" বোলছবিত ভোৰতাল নৃত্য কৰা নৰহৰি বুঢ়াভকত সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ লগতে আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰো অতিকৈ প্ৰিয় ৷ সংগীত নাটক অকাডেমীৰ অধ্যক্ষৰ আসনত অধিষ্ঠিত হৈ সেয়ে ড৹ ভূপেন হাজৰিকাই আক্ষেপেৰে খবৰ লৈছিল "নৰহৰি বুঢ়াভকতক বৰপেটাবাসীয়ে জীয়াই ৰাখিছেনে ?" আনকি বৰগীতৰ ক্ষেত্ৰত যদি এই বিশ্ব বিখ্যাত শিল্পী গৰাকীৰ কোনো দোমোজা আছিল তেতিয়াও তেওঁ পোনচাটেই আহিছিল নৰহৰি বুঢ়াভকতৰ কাষলৈ ৷ এসময়ত নৰহৰি বুঢ়াভকতৰ নেতৃত্বতে বৰপেটাত সত্ৰীয়া সংস্কৃতিয়ে ন ৰূপ পোৱাৰ লগতে বুঢ়াভকতৰ ওচৰতে সত্ৰীয়া সংস্কৃতিৰ পাঠ শিকি আজি বহুজন প্ৰতিষ্ঠিত ৷ কিন্তু বৰপেটাৰ সমাজ জীৱনৰ লগতে, সত্ৰীয়া সংস্কৃতিক সমৃদ্ধ কৰি থৈ যোৱা নৰহৰি বুঢ়াভকত যেন আজি পাহৰণিৰ গৰ্ভত ৷ তাৰ উৎকৃষ্ট উদাহৰণ বহন কৰিছে তেওঁ স্থাপিত কৰি যোৱা বিদ্যালয় খনেই ৷ বৰ্তমানলৈ তেওঁৰ শিষ্য সকলৰ লগতে জিলা প্ৰসাশন, চৰকাৰ বা জন প্ৰতিনিধি কোনোৱেই আগবাঢ়ি নাহিল তেওঁক স্মৃতি বিজড়িত বিদ্যালয়খন পুনৰোজ্জীত কৰি তুলিবলৈ ৷ বুঢ়াভকতৰ প্ৰাণ বিদ্যালয়খন উজ্জীৱিত কৰাৰ ক্ষেত্ৰত স্থানীয় ৰাইজে আহ্বান জনাইছে স্থানীয় বিধায়ক, জিলা প্ৰশাসন, সাংস্কৃতিক সঞ্চালকালয়ৰ লগতে চৰকাৰক ৷
লগতে পঢ়ক: বৰপেটা সত্ৰ সংযোগী পথৰ দুৰৱস্থা: পথচাৰীৰ হাৰাশাস্তি