ETV Bharat / state

বৰপেটাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

author img

By

Published : Sep 20, 2020, 8:33 PM IST

শনিবাৰে সন্ধিয়া নহাটীৰ বাহাৰবাৰীৰ এডাল ৰবাব টেঙাৰ গছত চীপ লোৱা অৱস্থাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ ৷ কিন্তু পৰিয়ালৰ অভিযোগ যি ঠাইত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় সেই অঞ্চলটো পৰিয়ালৰ লোকে যুৱকজনৰ সন্ধানত বিচাৰ-খোচাৰ কৰিছিল ৷ আনকি ৰবাব টেঙাৰ গছৰ পৰা ৰবাব টেঙা পৰ্যন্ত চিঙি আনিছিল পৰিয়ালটোৱে ৷ কিন্তু হঠাৎ কেনেকৈ চীপ লৈ থকা অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হ'ল সেইয়া বৰ্তমান পৰ্যন্ত ৰহস্যজনক হৈ আছে ৷

The body of a young man recovered under mysterious circumstances in Barpeta
বৰপেটাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

বৰপেটা,20 ছেপ্তেম্বৰঃ বৰপেটা চহৰৰ নহাটীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ বৰপেটা সদৰ থানা ঘেৰাও কৰে চহৰখনৰ একাংশ লোকে ৷ জানিব পৰা মতে, বুধবাৰে নিশা এটা ফোন অহাৰ পিছতে ঘৰৰ পৰা ওলাই অহা নহাটীৰ বুদ্ধদেৱ পাঠক নামৰ যুৱকজন সন্ধানহীন হৈ পৰে ৷ পৰিয়ালৰ লোকে যুৱকজনৰ সন্ধানত বিচাৰ-খোচাৰ কৰিছিল যদিও কোনোধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৷

ইয়াৰ পাছত শনিবাৰে সন্ধিয়া নহাটীৰ বাহাৰবাৰীৰ এডাল ৰবাব টেঙাৰ গছত চীপ লোৱা অৱস্থাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ ৷ কিন্তু পৰিয়ালৰ অভিযোগ যি ঠাইত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয় সেই অঞ্চলটোত পৰিয়ালৰ লোকে যুৱকজনৰ সন্ধানত বিচাৰ-খোচাৰ কৰিছিল ৷ আনকি ৰবাব টেঙাৰ গছৰ পৰা ৰবাব টেঙা পৰ্যন্ত চিঙি আনিছিল পৰিয়ালটোৱে ৷ কিন্তু হঠাৎ কেনেকৈ চীপ লৈ থকা অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হ'ল সেইয়া বৰ্তমান পৰ্যন্ত ৰহস্যৰ আৱৰ্তত আছে ৷

ইপিনে, যুৱকজনক হত্যা কৰি কোনো দুষ্কৃতিকাৰীয়ে মৃতদেহতো ওলোমাই থোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত যুৱকজনৰ পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে উচিত তদন্তৰ দাবীত দেওবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে শীঘ্ৰেই যুৱকজনৰ হত্যাকাৰীক কৰায়ত্ব কৰাৰ লগতে উপযুক্ত শাস্তি প্ৰদানৰো দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়কঃপূব কামেং জিলাৰ ভিতৰুৱা গাঁৱত টেলিফোন সেৱা স্থাপন সেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.