ETV Bharat / state

হাউলীত শোকাৱহ পথ দুৰ্ঘটনাত নিহত এজন - Howly road accident

বিজয়া দশমীৰ আনন্দ উল্লাসৰ মাজতে বৰপেটাৰ হাউলীত শোকাৱহ পথ দুৰ্ঘটনা । হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা ভয়াৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক ৷

হাউলীত শোকাবহ পথ দুৰ্ঘটনাত নিহত এজন
author img

By

Published : Oct 8, 2019, 11:24 PM IST

বৰপেটা,8 অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ দশমীৰ আনন্দৰ মাজতে মংগলবাৰে হাউলীত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ হাউলীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কালঝাৰত সংঘটিত হোৱা ভয়াৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক ৷ নিহত লোকজনক হাউলীৰ ১ নং ৱাৰ্ডৰ বাসিন্দা প্ৰশান্ত দাস ওৰফে ভাইটি বুলি চিনাক্ত কৰা হৈছে । ঘটনা অনুসৰি বিয়লি প্ৰশান্ত দাসে তেওঁৰ ব্যক্তিগত AS 01 U 2082 নম্বৰৰ মাৰুতি অল্টো কাৰখনেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে হাউলীৰ পৰা সৰুপেটা অভিমুখে গৈ থকা অৱস্থাত তীব্ৰবেগী এখন বাছে পিছফালৰ পৰা তীব্ৰ বেগত খুন্দা মাৰে । বাছখনৰ খুন্দাত মাৰুতি কাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ বহু দূৰলৈ ছিটিকি যায় । ফলত চালকৰ আসনত থকা প্ৰশান্ত দাস ওৰফে ভাইটিৰ থিতাতে নিহত হয় । দুৰ্ঘটনাটোত গাড়ীখনত থকা প্ৰশান্ত দাসৰ পুত্ৰ ধীমান দাস আৰু দীপাশ্ৰী তালুকদাৰ নামৰ সৰুপেটাৰ এগৰাকী যুৱতী আহত হয় ৷ আহত দুয়ো জনকে স্থানীয় লোকে হাউলীৰ সমূহীয়া চিকিৎসালয়ত ভৰ্তি কৰায় যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ধীমান দাসক উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

হাউলীত শোকাবহ পথ দুৰ্ঘটনাত নিহত এজন

মৃত প্ৰশান্ত দাসৰ ঘৰলৈ অহা আত্মীয় যুৱতীগৰাকীক সৰুপেটাত থ'বলৈ যোৱাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগতে লোকজন মৃত্যুমুখত পৰিবলগীয়া হোৱাৰ ঘটনাই হাউলী চহৰত শোকৰ ছাঁ পেলাইছে ৷ ইপিনে দুৰ্ঘটনা সংঘটিত কৰি বাছখন পলাই যাবলৈ সক্ষম হয় বুলি আৰক্ষীয়ে উল্লেখ কৰিছে ৷

আৰু পঢ়ক

Intro:
বৰপেটা, ৮ অক্টোবৰঃ বিজয়া দশমীৰ আনন্দ উল্লাসৰ মাজতে বৰপেটাৰ হাউলীত শোকাবহ পথ দুৰ্ঘটনা । হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কালঝাৰত সংঘটিত হোৱা ভয়াৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক ৷ নিহত লোকজনক হাউলীৰ ১ নং ৱাৰ্ডৰ বাসিন্দা প্ৰশান্ত দাস ওৰফে ভাইটি বুলি চিনাক্ত কৰা হৈছে । Body:আজি বিয়লি প্ৰশান্ত দাসে AS 01 U 2082 নম্বৰৰ মাৰুতি অল্টো কাৰখনেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে হাউলীৰ পৰা সৰুপেটা অভিমুখে গৈ থকা অৱস্থাত তীব্ৰবেগী এখন বাছে পিছপিনৰ পৰা খুন্দা মাৰে । বাছখনৰ খুন্দাত মাৰুতি কাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ বহু দূৰলৈ ছিটিকি যায় । ফলত চালকৰ আসনত থকা প্ৰশান্ত দাস ওৰফে ভাইটি ঠিতাতে নিহত হয় । দূৰ্ঘটনাটোত গাড়ীখনত থকা প্ৰশান্ত দাসৰ পুত্ৰ ধীমান দাস আৰু দীপাশ্ৰী তালুকদাৰ নামৰ সৰুপেটাৰ এগৰাকী যুৱতী আহত হয় ৷ আহত দুয়ো জনকে স্থানীয় লোকে লগে লগে হাউলীৰ সমুহীয়া চিকিৎসালয়ত ভৰ্তি কৰায় যদিও ধীমান দাসৰ আঘাত গুৰুতৰ হোৱাত যুৱকজনক উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পাটাললৈ প্ৰেৰণ কৰা হয় । মৃত প্ৰশান্ত দাসৰ ঘৰলৈ অহা আত্মীয় যুৱতীগৰাকীক সৰুপেটাত থবলৈ যোৱাৰ সময়তে দূৰ্ঘটনাটো সংঘটিত হোৱাৰ লগতে লোকজন মৃত্যুমুখ় পৰিবলগীয়া হোৱাৰ ঘটনাই হাউলী চহৰত শোকৰ ছাঁ পেলাইছে ৷ ইপিনে দূৰ্ঘটনা সংঘটিত কৰা বাছখন পলাই সাৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷
Conclusion:বাইটঃ প্ৰত্যক্ষদৰ্শী ।
--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.