ETV Bharat / state

কলগাছিয়াৰ মইনবড়ীত মাৰপিটৰ ঘটনা, আহত ৪ গৰাকী লোক

author img

By

Published : Feb 20, 2022, 1:43 PM IST

কলগাছিয়াত দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা । ঘটনাত আহত ৪ গৰাকীকৈ লোক (4 injured in beating incident in Kalgachia)। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।

Kalgachia
কলগাছিয়াৰ মইনবড়ীত মাৰপিটৰ ঘটনা

জনীয়া,২০ ফেব্ৰুৱাৰী : কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত তথা মইনবড়ী আৰক্ষী চকীৰ উত্তৰ মইনবড়ীত শনিবাৰে সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা । দোকানৰ বাকী খোৱা এজন গ্ৰাহকক কেন্দ্ৰ কৰি দুই ব্যৱসায়ীৰ মাজত সংঘটিত হয় উক্ত মাৰপিটৰ ঘটনা । এই ঘটনাত দুই পক্ষৰে চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হয় (4 injured in beating incident in Kalgachia)। ঘটনাক কেন্দ্ৰ কৰি মইনবড়ী অঞ্চলত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ (Tension sours over fight in Kalgachia)।

উল্লেখ্য যে, উত্তৰ মইনবড়ী চকত গেলামালৰ দোকানী আকবৰ আলীৰ দোকানৰ পৰা কিছুদিন পূৰ্বে এজন গ্ৰাহকে বাকীত বস্তু ক্ৰয় কৰিছিল । পাছত সেই গ্ৰাহকজনে চুলতান আলী নামৰ ব্যৱসায়ীজনৰ দোকানৰ পৰাও সামগ্ৰী ক্ৰয় কৰে । ফলত আকবৰ আলীৰ পুত্ৰ মাজিদুল ইছলামে গ্ৰাহকজনৰ পৰা বাকীৰ ধন বিচৰাত দ্বিতীয় পক্ষৰ দোকানী চুলতান আলীয়ে আহি মাৰপিট কৰাৰ অভিযোগ তুলিছে ভুক্তভোগী পৰিয়ালে ।

ভুক্তভোগী

অভিযোগ মতে চুলতানৰ লগতে তেওঁৰ সহকৰ্মী কেইজনে মাৰপিট সংঘটিত কৰাত প্ৰথম পক্ষৰ ফিৰোজা খাতুন, মাজিদুল ইছলাম, ফকৰুদ্দিন আৰু ছানিদুল ইছলাম নামৰ লোককেইজন গুৰুতৰভাৱে আহত হয় । পিছত মইনবড়ী আৰক্ষী চকীত প্ৰথম পক্ষৰ আকবৰ আলীয়ে এজাহাৰ দাখিল কৰে যদিও অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী । অৱশ্যে ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক :Murder at Bokakhat: বোৱাৰীয়েকৰ দাৰ ঘাপত প্ৰাণ গ’ল বৰজনাকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.