বৰপেটা, ৩ ছেপ্টেম্বৰ : সত্ৰনগৰী বৰপেটাৰ গনককুছি সত্ৰত অঘটন ৷ ৰফিকুল আলি নামৰ এজন যুৱকে জ্বলাই দিলে গুৰুআসন ৷ কেৱল গুৰু আসন জ্বলোৱাতে ক্ষান্ত নাথাকি লণ্ডভণ্ড কৰিলে পৱিত্ৰ ভিঠিত থকা শৰাই আৰু অন্যান্য সামগ্ৰী ৷
![tension grips barpeta after youth burned satra property](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-817to821-3sept-guru-asan-brun-at-ganakkuchi-satra-one-arrested-visbitephoto-7203841_03092020164911_0309f_1599131951_962.jpg)
গনককুছি সত্ৰৰ শ্ৰীৰাম আতাৰ পৱিত্ৰ ভিঠিৰ গুৰু আসনখন বাহিৰলৈ উলিয়াই আনি জ্বলাই দিয়ে যুৱকজনে ৷ আনহাতে গুৰুআসনৰ লগতে জ্বলাই দিয়ে গছা এটিও ৷ জানিবপৰামতে সেই সময়ত সত্ৰত উপস্থিত নাছিল কোনো লোক ৷ পিচত সত্ৰত উপস্থিত হোৱা লোকে ধোঁৱা আৰু জুই দেখি দৌৰি গৈ গুৰু আসনখন জ্বলি ভস্মীভূত হোৱা অৱস্থাত পোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷
এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে উত্তেজিত ৰাইজে যুৱকজনক আটক কৰি গটাই দিছে আৰক্ষীক ৷ ঘটনাস্থলীত বৰপেটা আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে যুৱকজনক ৷ বৰপেটাৰ ভেল্লাৰ শান্তিপুৰৰ উক্ত যুৱকজনে পূৰ্বেও কেওটকুছি সত্ৰৰ লক্ষ্মী মন্দিৰৰ দেৱী মূৰ্তিৰ ক্ষতিসাধন কৰাৰ লগতে মন্দিৰৰ বহু সামগ্ৰী জ্বলাই ভস্মীভূত কৰিছিল ৷ এই ঘটনাই সত্ৰ নগৰীখনৰ লোকসকলৰ মনত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক : অভিনেত্ৰী চেতনা দাসৰ স্বামীৰ দেহাৱসান