ETV Bharat / state

বৰপেটাত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি বৰপেটা অসামৰিক চিকিৎসালয়ত মঙলবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । কলগাছিয়াৰ মুছা আলী নামৰ এজন ৰোগীৰ মৃত্যুৰ পাছতে লোকজনৰ পৰিয়ালৰ লোকে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ ৷

author img

By

Published : Jan 5, 2021, 10:39 PM IST

tense-in-barpeta-civil-hospital
বৰপেটা অসামৰিক চিকিৎসালয়ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

জনীয়া, 5 জানুৱাৰী : বৰপেটা জিলাৰ কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত মঙলবাৰে এজন ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । অভিযোগ অনুসৰি,কলগাছিয়াৰ মুছা আলী নামৰ এজন ব্যক্তিক পৰিয়ালৰ লোকে শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগি থকাত সংকটজনক অৱস্থাত বৰপেটা অসামৰিক হাস্পতালত ভৰ্তি কৰাইছিল ৷

চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতেই চিকিৎসকে মুছা আলীৰ চিকিৎসা আৰম্ভ কৰিছিল যদিও এগৰাকী নাৰ্ছ,ৱাৰ্ড গাৰ্ল আৰু চাফাই কৰ্মীয়ে ৰোগীৰ অভিভাৱক আৰু আত্মীয়ক ৰোগীৰ ওচৰত থকাত বাধা দি অপদস্থ কৰি উলিয়াই দিয়ে । ইয়াৰে কিছু সময়ৰ পাছতেই মুছা আলী নামৰ ৰোগীজনৰ মৃত্যু হয় বুলি ৰোগীৰ আত্মীয়ই অভিযোগ কৰিছে । ৰোগীজনৰ মৃত্যুৰ পাছতেই চিকিৎসালয়খনত উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে ৰোগীৰ আত্মীয়ই।

লগতে পঢ়ক: জুক' ভেলীত বনজুইৰ তাণ্ডৱ:অসহায় নাগালেণ্ড চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.