ETV Bharat / state

Assamese Movie Raghav: অসমীয়া ছবিত পোন প্ৰথমবাৰৰ বাবে ৰাঘৱৰ জৰিয়তে ৰাইজে দেখিব কিছু নতুনত্ব- যতীন বৰা

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 3:08 PM IST

২৭ অক্টোবৰত ৰাজ্যৰ ছবিগৃহত মুক্তিলাভ কৰিব অসমীয়া ছবি ৰাঘৱ ৷ তাৰ মাজতে ৰাঘৱৰ প্ৰম'চনৰ বাবে শুক্ৰবাৰে বৰপেটাত উপস্থিত হয় টীম ৰাঘৱ ৷

team-raghav-arrives-at-barpeta-satra-for-assamese-movie-raghavs-promotion
অসমীয়া ছবিত পোন প্ৰথমবাৰৰ বাবে ৰাঘৱৰ জৰিয়তে ৰাইজে দেখিব এই অবিকল দৃশ্য- যতীন বৰা

বৰপেটা, 7 অক্টোবৰ: আগন্তুক ২৭ অক্টোবৰত ৰাজ্যৰ ছবিগৃহত মুক্তি পাবলগা নতুন অসমীয়া ছবি ৰাঘৱৰ প্ৰম'চনৰ বাবে শুক্ৰবাৰে বৰপেটাত উপস্থিত হয় টীম ৰাঘৱ ৷ যতীন বৰাৰ লগতে প্ৰয়োজক নৱনীতা বৰা, ছবিখনত অভিনয় কৰা জীৱিতেশ, চুমি আদিৰ লগতে আন শিল্পী ৷ কলা-কুশলীসকলে প্ৰথমতে বৰপেটা সত্ৰত উপস্থিত হৈ সেৱা জনায় ৷ গুৰু দুজনাৰ আশীষ প্ৰাৰ্থনাৰ পিচতে নিজৰ মুক্তি পাবলগীয়া ছবিখনৰ প্ৰচাৰ চলায় যতীন বৰাসহ টীম ৰাঘৱৰ কলা-কুশলীসকলে ৷

যতীন বৰাই জনোৱামতে, লাডাখ আৰু কাশ্মীৰৰ দহটা স্থানত ছবিৰ গানৰ শ্বুটিং কৰা হৈছে ৷ আনহাতে, হায়দৰাবাদৰ ৰাম'জী ফিল্ম ষ্টুডিঅ'ত ছবিখনৰ টেকনিকেল কাম কৰা হৈছে বুলিও জনায় ছবিখনৰ অভিনেতা যতীন বৰাই ৷ ছবিখনত ডি এ জি'ৰ সহায়ত মৃদুলা বৰুৱাৰ দুটা বয়সৰ অবিকল ৰূপ দেখুওৱা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে ৷ এয়া অসমীয়া চিনেমাত প্ৰথমবাৰৰ বাবে কৰা হৈছে বুলিও মন্তব্য যতীন বৰাৰ ৷

যতীন বৰাই বৰপেটাত উপস্থিত হৈ ৰাঘৱক আকোঁৱালি ল’বলৈ অসমীয়া চলচ্চিত্ৰ প্ৰেমীলৈ আহ্বান জনায় ৷ একেদৰে বৰপেটাৰ পৰা নিৰ্মল দাসৰ পৰিচালনাত নিৰ্মাণ হোৱা মমতাৰ চিঠি ছবিখনকো আদৰি ল’বলৈ অসমৰ ৰাইজলৈ আহ্বান জনায় অভিনেতা যতীন বৰাই ৷

মুম্বাইত থাকি অভিনয়ৰ শিক্ষা গ্ৰহণ আৰু হিন্দী ছবিত অভিনয় কৰা অভিনেতা জীৱিতেশকো এই ছবিখনত দেখিবলৈ পোৱা যাব ৷ ইফালে ছবিখনৰ প্ৰযোজক তথা যতীন বৰাৰ পত্নী নৱনিতা বৰায়ো সকলোকে ছবিখন চাবলৈ আহ্বান জনোৱাৰ লগতে ৰাঘৱক আদৰি ল’বলৈও ৰাইজক আহ্বান জনায় ৷ ছবিখনৰ প্ৰমোচনৰ বাবে উপস্থিত তথা প্ৰথমবাৰৰ বাবে অভিনয় কৰা নৃত্যশিল্পী চুমিয়েও ছবিখনত কৰা তেওঁৰ অভিনয়ৰ অভিজ্ঞতা সম্পৰ্কে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: New Assamese film Raghav: নগাঁৱত ৰাঘৱৰ প্ৰচাৰত যতীন বৰা

লগতে পঢ়ক: Jatin Bora: ২০২৪-২৫ নাট্যবৰ্ষত ইতিহাস থিয়েটাৰৰ মঞ্চত দেখা যাব যতীন বৰাক

লগতে পঢ়ক: New Assamese film Raghav: মাণিকপুৰত প্ৰচাৰৰ বাবে টীম ৰাঘৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.