ETV Bharat / state

শিক্ষক দিৱসতে উচুপি উঠিল এজন শিক্ষক

সৰভোগ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত অপ্ৰাদেশীকৃত অৱস্থাৰ পৰা 30 টা বছৰে বিনা বেতনে কাম কৰি অচলা অৱস্থা শিক্ষক গৰাকীৰ ৷ নিজৰ ল'ৰা-ছোৱালী নথকা শিক্ষক গৰাকীয়ে নিজৰ লগতে পত্নীক পোহপাল দিবলৈ শিক্ষকতাৰ উপৰিও সাংবাদিকতাৰ পথাৰত ভৰি দিয়ে

author img

By

Published : Sep 5, 2019, 3:04 PM IST

শিক্ষক দিৱসতে উচুপি উঠিল এজন শিক্ষক

বৰপেটা, 5 চেপ্তেম্বৰঃ শিক্ষক দিৱসৰ দিনটোতে আবেগিক হৈ পৰিল এজন অৱসৰপ্ৰাপ্ত শিক্ষক ৷ বিদ্যালয় অপ্ৰাদেশীকৃত অৱস্থাৰ পৰা সুদীৰ্ঘ 30 বছৰে বিনা বেতনে শিক্ষকতা কৰি চলিত বৰ্ষত 31 ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে সৰভোগৰ তৰুণ চন্দ্ৰ গোস্বামী নামৰ শিক্ষক গৰাকীয়ে ৷ সৰভোগ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত অপ্ৰাদেশীকৃত অৱস্থাৰ পৰা 30 টা বছৰে বিনা বেতনে কাম কৰি দুৰ্বিসহ অৱস্থা শিক্ষক গৰাকীৰ ৷ নিজৰ ল'ৰা-ছোৱালী নথকা শিক্ষক গৰাকীয়ে নিজৰ লগতে পত্নীক পোহপাল দিবলৈ শিক্ষকতাৰ উপৰিও সাংবাদিকতাৰ পথাৰত ভৰি দিয়ে ৷ বৰ্তমানলৈকে বহুকেইখন বাতৰি কাকতত সংবাদ কৰ্মী হিচাপে কৰ্মৰত তৰুণ চন্দ্ৰ গোস্বামী বৰপেটা জিলা সাহিত্য সভাৰ কোষাধ্যক্ষ হিচাপে কাম কৰে ৷ আসাম প্ৰেছ কৰচপণ্ডেন্ট ইউনিয়নৰ বৰপেটা জিলা সমিতিৰ উপ-সভাপতি পদত কাম কৰাৰ লগতে অপ্ৰাদেশীকৃত মধ্য ইংৰাজী শিক্ষক সন্থাৰ ৰাজ্যিক প্ৰচাৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে গোস্বামীয়ে।

Intro:as_jania_5sep_emotional_teachers_day_vis2+byt2+pho2_spl_pkg_story_asc10058

Anchor: পৱিত্ৰ শিক্ষক দিৱসৰ দিনা আবেগিক অৱসৰপ্ৰাপ্ত শিক্ষক তৰুণ চন্দ্ৰ গোস্বামী।Body:slug: as_jania_5sep_emotional_teachers_day_vis2+byt2+pho2_spl_pkg_story_asc10058

VO: বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত সৰভোগ ৩ নং ওৱাৰ্ডত ১৯৫৮ চনৰ ১ ডিচেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰিছিল তৰুণ চন্দ্ৰ গোস্বামী৷ পিতৃৰ নাম স্বৰ্গীয় সনেশ্বৰ গোস্বামী আৰু মাতৃ ধনেশ্বৰী গোস্বামী৷ ১৯৬৯ চনৰ ৩১ ডিচেম্বৰ তাৰিখে ৭১ নং ৰামপুৰ প্ৰাইমাৰী স্কুলৰ পৰা এল.পি পাছ কৰি একেটা বৰ্ষৰে ১ জানুৱাৰী তাৰিখে বৰনগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত চতুৰ্থ শ্ৰেনীত নামভৰ্তি কৰে। এইখন বিদ্যালয়ৰ পৰাই ১৯৭৬ চনত হাইস্কুল শিক্ষান্ত আৰু ১৯৮২ চনত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হয়। ১৯৮৬ চনত গুৱাহাটীৰ আৰ্য মহাবিদ্যালয়ৰ পৰা স্নাতক (কলা) উত্তীৰ্ণ হয়৷ তৰুণ চন্দ্ৰ গোস্বামী স্নাতক উত্তীৰ্ণৰ পিছত ১৯৮৯ চনৰ ৩১ আগষ্টত সৰভোগৰে সৰভোগ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয় (অপ্ৰাদেশীকৃত অৱস্থাত) এজন শিক্ষক হিচাপে যোগদান কৰে। কিন্তু দুৰ্ভাগ্যজনক বিষয় যে, সুদীৰ্ঘ ৩০ বছৰ কাল বিনা বেতনে কাম কৰি, চলিত বৰ্ষৰ ৩১ ডিচেম্বৰ তাৰিখে অৱসৰগ্ৰহণ কৰে৷ ১৯৮৮ চনত প্ৰথমে সাংবাদিকতাৰ পথাৰখনত কলমৰ হালখন আৰম্ভ কৰে, প্ৰথম অবস্থাত আজিৰ বাতৰিত লিখা মেলা কৰে, সেই একে সময়তে গুৱাহাটীৰ পৰা প্ৰকাশিত বুধবাৰ নামৰ সাতদিনীয়া কাকত এখনত প্ৰবন্ধ পাতি লিখে, ইয়াৰ উপৰিও নতুন দিন, অসম সংবাদ আদি সাপ্তাহিক কাকতত লিখা মেলা কৰে। আজিৰ সংবাদ নামৰ দৈনিক কাকতত সৰভোগৰ সংবাদদাতা হিচাপে কাম কৰে ১৯৯২ চনৰ পৰা ১৯৯৪ চনলৈকে। তাৰ পিছত ১৯৯৪ চনৰ পৰা দৈনিক অগ্ৰদ্ৰুত কাকতত সৰভোগৰ সংবাদদাতা হিচাপে সুদীৰ্ঘ ২০ বছৰ কাল কাম কৰে। ইয়াৰ উপৰিও বিভিন্ন স্থানৰ পৰা প্ৰকাশ পোৱা আলোচনীবোৰত লিখা মেলা ককে৷ বিশিষ্ট শিক্ষক তথা সাংবাদিক তৰুণ চন্দ্ৰ গোস্বামীয়ে ১৯৯৮/১৯৯৯ বৰ্ষত অসম সাহিত্য সভাৰ বৰপেটা জিলা সাহিত্য সভাৰ কোষাধ্যক্ষ হিচাপে কাম কৰে, ২০০২ চনৰ পৰা ২০০৪ চনলৈকে আসাম প্ৰেছ কৰচপণ্ডেট ইউনিয়নৰ বৰপেটা জিলা সমিতিৰ উপ সভাপতি পদত কাম কৰাৰ লগতে অপ্ৰাদেশীকৃত মধ্য ইংৰাজী শিক্ষক সন্থাৰ ৰাজ্যিক প্ৰচাৰ সম্পাদক হিচাপে কাম কৰে। অসম নাট্য সন্মিলনৰো এজন নিষ্ঠাবান সদস্য৷ তৰুণ চন্দ্ৰ গোস্বামী সহধৰ্মিনী বাদে কোনো সন্তান নাই, কিন্তু তেওঁৰ ভায়েকৰ লৰা-ছোৱালীকে নিজৰ লৰা-ছোৱালীৰ নিচিনা মৰম কৰি আহিছে৷ বিশিষ্ট শিক্ষক তথা সাংবাদিক গৰাকীয়ে নিজৰ ঘৰতে শাক-পাচলি উৎপাদন কৰি আৰু সহধৰ্মিনীয়ে কাপোৰ চিলাই কৰি কোনোমতেহে ঘৰখন চলাই গৈছে৷

(Special Package Story)Conclusion:as_jania_5sep_emotional_teachers_day_vis2+byt2+pho2_spl_pkg_story_asc10058

Byt: তৰুণ চন্দ্ৰ গোস্বামী।

(Special Package Story)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.