বৰপেটা, ৫ ছেপ্টেম্বৰঃ শিক্ষক দিৱস উপলক্ষে বৰপেটাৰ ভৱানীপুৰৰ মাধপুৰ প্ৰাথমিক বিদ্যালয়তো গ্ৰহণ কৰা হৈছিল শিক্ষক দিৱসৰ কাৰ্যসূচী৷ পিছে শিক্ষক দিৱসৰ কাৰ্যসূচীৰ মাজতে আমিনুল হক নামৰ এজন উদণ্ড যুৱকে শিক্ষকসকলক গালি গালাজ কৰি শাৰিৰীকভাৱেও আক্ৰমন চলোৱাৰ লগতে মন্দিৰা ৰামচিয়াৰী আৰু অনামিকা দাস নামৰ দুগৰাকী টেট শিক্ষয়ত্ৰীক অতি অশোভনীয় ব্যৱহাৰ কৰে ৷ যুৱকজনে এগৰাকী টেট শিক্ষয়ত্ৰীক টানি আঁজুৰি তেওঁৰ মোবাইলটোও কাঢ়ি লৈ যায় ৷ যুৱকজনে শিক্ষকৰ ওপৰত চলোৱা আক্ৰমনৰ দৃশ্য মোবাইলত বন্দী কৰি ৰখাৰ সন্দেহতে এনেদৰে টেট শিক্ষয়ত্ৰীগৰাকীক শাৰিৰৰীকভাৱে অপদস্থ কৰি মোবাইলটো কাঢ়ি লৈ গৈ মোবাইলত থকা তথ্য নষ্ট কৰিবলৈ চেষ্টা কৰা বুলি জানিবলৈ দিছে ভুক্তভোগী শিক্ষয়ত্ৰীগৰাকীয়ে ৷
ইপিনে যুৱকজনৰ ভাবুকিত শংকিত হৈ পৰা টেট শিক্ষয়ত্ৰী দুগৰাকীৰ লগতে আন শিক্ষকসকলে ভৱানীপুৰ থানাত এজাহাৰ দাখিল কৰিবলৈ যায় যদিও প্ৰধান শিক্ষক জয়নাল আবেদিনে অতি চক্ৰান্তৰে এজাহাৰ দাখিল নকৰাকৈয়ে থানাৰ পৰা আঁতৰি অহা ঘটনাকলৈ ৰহস্যৰ সৃষ্টি হৈছে ৷ প্ৰধান শিক্ষক জয়নাল আবেদিনে যুৱকজনৰ সৈতে গোপনে মিতিৰালি পাতি সমগ্ৰ ঘটনাটোক গাপ দিবলৈ উঠি পৰি লগা ঘটনাক লৈ এতিয়া ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছে ৷ আনকি প্ৰধান শিক্ষকজনে সাংবাদিকৰ আগত কোনো মন্তব্য প্ৰকাশ কৰাৰ পৰাও বিৰত থাকে ৷ শিক্ষকসকলে জনোৱা মতে, ছাত্ৰ ছাত্ৰীক বিদ্যালয় চৌহদ চাফাই কৰিবলৈ দিয়াৰ বাবেই যুৱকজনে এনেদৰে শিক্ষকসকলক আক্ৰমন কৰে ৷ পৱিত্ৰ শিক্ষক দিৱসৰ দিনটোতেই এনেদৰে বৰপেটাত সংঘটিত হোৱা শিক্ষক নিগ্ৰহৰ ঘটনাক লৈ সমগ্ৰ বৰপেটাতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷