ETV Bharat / state

বৰপেটা চহৰত ক’ভিড যোদ্ধাৰ মাজত খাদ্য বিতৰণ - নিৰাপত্তা আৰু স্বাস্থ্য সেৱাত জড়িত আৰক্ষী আৰু চিকিৎসা কৰ্মী

বৰপেটা চহৰৰ "তাঁতীকুছি" নামৰ সামাজিক সংস্থাটোৱে চহৰখনৰ নিৰাপত্তা আৰু স্বাস্থ্য সেৱাত জড়িত আৰক্ষী আৰু চিকিৎসা কৰ্মীসকলক লঘু আহাৰ বিতৰণ ৷ দেওবাৰৰ দিনটোত প্ৰায় 150 টাকৈ খাদ্যৰ পেকেট বিতৰণ ৷

tatikuchi distribute free food among covid warriror in barpeta
ক’ভিড যোদ্ধাৰ মাজত "তাঁতীকুছি" নামৰ সংগঠনটোৰ খাদ্য বিতৰণ
author img

By

Published : Jun 6, 2021, 6:56 PM IST

বৰপেটা, ৬ জুন : কৰ’ণাকালীন পৰিস্থিতিয়ে মানুহৰ মাজলৈ ভয়াৱহ সংকট কঢ়িয়াই আনিছে ৷ এনে এক সংকটকালীন সময়ত মানুহে মানুহৰ সহায়ৰ বাবে বিভিন্ন ধৰণে আগবাঢ়ি আহিছে ৷ দেওবাৰে বৰপেটা চহৰৰ "তাঁতীকুছি" নামৰ সামাজিক সংস্থাটোৱে চহৰখনৰ নিৰাপত্তা আৰু স্বাস্থ্য সেৱাত জড়িত আৰক্ষী আৰু চিকিৎসা কৰ্মীসকলক লঘু আহাৰ যোগান ধৰি ক'ভিড যোদ্ধা সকলৰ প্ৰতি সহযোগিতাৰ হাত আগবঢ়ায় ৷

tatikuchi distribute free food among covid warriror in barpeta
ক’ভিড যোদ্ধাৰ মাজত "তাঁতীকুছি" নামৰ সংগঠনটোৰ খাদ্য বিতৰণ

আনহাতে চহৰখনৰ ৰিস্কা চালক আৰু ঠেলা চালকসকলৰ মাজতো লঘু আহাৰ বিতৰণ কৰে সামাজিক সংস্থাটোৱে ৷ ক'ভিড যোদ্ধা সকলৰ লগতে শ্ৰমিকসকলৰ প্ৰতি সংস্থাটোৱে আগবঢ়োৱা এনে সহযোগিতাক সকলোৱে প্ৰশংসা কৰিছে ৷

উল্লেখ্য যে, আংশিক লক ডাউনৰ সময়ত খাদ্যৰ সংকটৰ বাবে ভোগা পদপথৰ লোকসকলৰ মাজতো খাদ্য বিতৰণ কৰে "তাঁতীকুছি" নামৰ সামাজিক সংগঠনটোৱে ৷ জানিবলৈ দিয়া মতে সংগঠনটোৱে দেওবাৰৰ দিনটোত প্ৰায় 150 টাকৈ খাদ্যৰ পেকেট বিতৰণ কৰে ৷

লগতে পঢ়ক : হোজাই জিলাৰ কাকীত প্ৰসাশনৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.