ETV Bharat / state

তালিবানক সমৰ্থন জনাই পদৰ পৰা নিলম্বিত UDSF ৰ সভাপতি - Barpeta Police

দেওবাৰে ইউনাইটেড ডেম’ক্ৰেটিক ষ্টুডেণ্টছ ফ্ৰণ্ট(UDSF)ৰ বৰপেটা জিলা সভাপতি মাজিদুল ইছলামক পদৰ পৰা নিলম্বন ৷ তালিবানক(Taliban) সমৰ্থন কৰি বৰপেটা আৰক্ষীৰ(Barpeta Police) জালত পৰাৰ লগতে ছাত্ৰ সংগঠনটোৰ পৰা বহিস্কাৰ কৰা হয় মাজিদুলক ৷

talibani-supporter-mazidul-islam-suspended-from-udsf
UDSFৰ সভাপতিক নিলম্বন
author img

By

Published : Aug 23, 2021, 8:50 AM IST

Updated : Aug 23, 2021, 9:22 AM IST

বৰপেটা, 23 আগষ্ট : বৰপেটাত তালিবানক(Taliban) সমৰ্থন কৰা ইউনাইটেড ডেম’ক্ৰেটিক ষ্টুডেণ্টছ ফ্ৰণ্ট(UDSF)ৰ জিলা সভাপতি মাজিদুল ইছলামক সভাপতি পদৰ পৰা নিলম্বন ৷ তালিবানক সমৰ্থন কৰি জনীয়াৰ বালিকুৰি গাঁৱৰ পৰা মাজিদুলক আটক কৰে বৰপেটা আৰক্ষীয়ে(Barpeta Police) ৷

talibani-supporter-mazidul-islam-suspended-from-udsf
UDSFৰ সভাপতিক নিলম্বন

মাজিদুলক আটক কৰাৰ পাচতেই USDF ৰ কেন্দ্ৰীয় সমিতিয়ে ছাত্ৰ সংগঠনটোৰ জিলা সভাপতি পদৰ পৰা নিলম্বনৰ নিৰ্দেশ দিয়ে সভাপতিগৰাকীক ৷ ইফালে সামাজিক মাধ্যমযোগে তালিবানৰ সমৰ্থনত মন্তব্য প্ৰকাশ কৰি আটক হোৱা মাজিদুল ইছলাম AIUDF ৰ বিধায়ক ৰফিকুল ইছলামৰো(Rafiqul Islam) অতি ঘনিষ্ঠ হিচাপে পৰিচিত ৷

লগতে পঢ়ক: তালিবানৰ সমৰ্থনত ফেচবুকত লিখা-মেলা কৰি ৰঙা ঘৰৰ আলহী হ’ল সাংবাদিক

আটক হোৱাৰ পাচত USDF ৰ বৰপেটা জিলাৰ সভাপতি বুলি প্ৰকাশ পোৱাৰ পাচতেই বিষয়টোক লৈ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ পাচতেই ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰকিবুল ইছলামে এক বিবৃতিযোগে মাজিদুল ইছলামক নিলম্বন কৰা বুলি প্ৰকাশ কৰে ৷

AIUDF ৰ দৰে দল এটাৰ ছাত্ৰ সংগঠনৰ নেতা এগৰাকী দেশ বিৰোধী কাৰ্য-কলাপত লিপ্ত হোৱাৰ অভিযোগত আটক হোৱাৰ ঘটনাই ৰাজ্যজুৰি তোলপাৰ লগাইছে ৷ সম্প্ৰতি মাজিদুল ইছলাম তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত আছে আৰু ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: তালিবানৰ সমৰ্থনত পোষ্ট কৰি ৰঙাঘৰৰ আলহী কৰিমগঞ্জৰ দুই যুৱক

তালিবানে আফগানিস্তান দখল কৰাৰ ঘটনাই সমগ্ৰ বিশ্বতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ খোদ আফগানিস্তানৰ নাগৰিকসকলে তালিবানী শাসনৰ আতংকত নিজ দেশ এৰি অন্য প্ৰান্তলৈ ঢাপলি মেলিছে ৷ যি সময়ত মাৰ্কিন সেনাৰ হাতত কোনো মাতৃয়ে নিজৰ শিশুক গতাই দি দেশৰ পৰা আঁতৰাই পঠিয়াইছে, সেই সময়তে অসম মুলুকৰ এচাম লোকে সামাজিক মাধ্যমযোগে তালিবানৰ সমৰ্থন কৰি আছে ৷

লক্ষণীয় বিষয় যে, ফেচবুকত তালিবানক সমৰ্থন কৰি আটক হোৱাসকলৰ সৰহ সংখ্যকেই উচ্চ শিক্ষিত লোক ৷ তালিবানক সমৰ্থন কৰাৰ তথ্য পোৱাৰ পাচতেই অসম আৰক্ষীয়ে(Assam Police) সমৰ্থকসকলক ৰঙাঘৰলৈ প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : ধুবুৰীত আৰক্ষীৰ জালত দুই তালিবানী সমৰ্থক

Last Updated : Aug 23, 2021, 9:22 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.