ETV Bharat / state

Satra Land Enchrochment : আৰম্ভ হ’ল বেদখলীকৃত সত্ৰভূমিৰ জৰীপ - Satra Land Enchrochment

দীৰ্ঘদীনে উত্থাপিত হৈ অহা সত্ৰৰ ভূমি বেদখল(Land encroachment of Satra)ৰ অভিযোগৰ পিছত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গঠন কৰি দিয়া তিনিজনীয়া আয়োগে দেওবাৰে আৰম্ভ কৰিলে জৰীপৰ কাম ৷ বৰপেটা সত্ৰৰ কীৰ্তন ঘৰত সেৱা লৈ সত্ৰখনৰ পৰাই আৰম্ভ কৰে ভূমি বেদখল সম্পৰ্কীয় তথ্য সংগ্ৰহৰ কাৰ্যসূচী (Survey of encroached land of Satras) ৷

আৰম্ভ হ’ল সত্ৰসমূহৰ ভূমি বেদখলৰ জৰীপ
আৰম্ভ হ’ল সত্ৰসমূহৰ ভূমি বেদখলৰ জৰীপ
author img

By

Published : Dec 26, 2021, 6:34 PM IST

বৰপেটা, ২৬ ডিচেম্বৰ : অসমৰ সত্ৰসমূহৰ ভূমি বেদখল(Land encroachment of Satra) সম্পৰ্কীয় বিষয় চোৱা-চিতাৰ বাবে বঙাইগাঁওত হোৱা কেবিনেটত গঠন কৰা হৈছিল তিনিজনীয়া এখন আয়োগ ৷ প্ৰদীপ হাজৰিকাক অধ্যক্ষ, বিধায়ক মৃনাল শইকীয়া আৰু ৰূপক শৰ্মাক সদস্য হিচাপে লৈ গঠিত আয়োগক অসমৰ সত্ৰসমূহৰ ভূমি বেদখল সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰি এবছৰৰ ভিতৰত দাখিল কৰিবলৈ কৈছিল চৰকাৰে (Inspection of Satra land encroachment) ৷ সেইমৰ্মে দেওবাৰে বৰপেটা সত্ৰত উপস্থিত হয় আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাৰ লগতে সদস্য মৃনাল শইকীয়া আৰু ৰূপক শৰ্মা ৷

সত্ৰনগৰীৰ বৰপেটা সত্ৰত সেৱা জনাই আয়োগখনে দেওবাৰৰ পৰা আৰম্ভ কৰিছে ৰাজ্যৰ সত্ৰসমূহৰ মাটি বেদখলৰ জৰীপৰ কাম (Survey of encroached land of Satras)৷ বৰপেটা সত্ৰত উপস্থিত হৈ আয়োগৰ দলটোৱে বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সৈতে মিলিত হৈ সত্ৰৰ মাটি বেদখল সম্পৰ্কে আলোচনা কৰে ৷ বিশেষকৈ বৰপেটা সত্ৰৰ বাঘবৰ, বৰনগৰ আৰু বৰপেটা ৰাজহ চক্ৰ এলেকাত মাটি বেদখল হৈ আছে বুলি সত্ৰ পৰিচালনা সমিতিয়ে আয়োগক অৱগত কৰে ৷

আৰম্ভ হ’ল সত্ৰসমূহৰ ভূমি বেদখলৰ জৰীপ

আয়োগে মাটি সংক্ৰান্তীয় সকলো তথ্য লিখিতভাৱে প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়ে সত্ৰ পৰিচালনা সমিতিক ৷ বিভিন্ন সময়ত সত্ৰৰ মাটি বেদখলক লৈ চৰকাৰৰ ওচৰত অভিযোগ দাখিল কৰি আহিছে সত্ৰ পৰিচালনা সমিতিকে ধৰি বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে ৷ সেয়েহে সত্ৰৰ মাটি বেদখলৰ সঠিক তথ্য নিৰ্ধাৰণ কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এখন আয়োগ গঠন কৰি দিয়ে ৷

আয়োগখনে অসমত থকা প্ৰায় বাৰশখন সত্ৰৰ ভূমি বেদখল সম্পৰ্কীয় সকলো তথ্য সংগ্ৰহ কৰি এবছৰৰ ভিতৰত প্ৰতিবেদন প্ৰস্তুত কৰি চৰকাৰক দাখিল কৰিব বুলি আয়োগৰ সদস্যসকলে জানিবলৈ দিয়ে ৷ বৰপেটা সত্ৰৰ পৰিচালনা সমিতিৰ সৈতে আলোচনা কৰাৰ পিছত আয়োগৰ দলটোৱে পাটবাউসী সত্ৰলৈ ৰাওনা হয় ৷ সন্ধিয়ালৈ বৰপেটা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োগৰ সদস্যসকলে বৰপেটাৰ সকলো সত্ৰাধিকাৰৰ সৈতে এখন বৈঠকত মিলিত হ’ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: ছাত্ৰ সন্থাই আধ্যাত্মিক আন্দোলন বহু আগতেই কৰাৰ প্ৰয়োজন আছিল: ড৹ পিতাম্বৰ দেৱগোস্বামী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.