ETV Bharat / state

Chenga Block Primary Health Center: বৰপেটাৰ চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ছাডেন ভিজিট জিলা উপায়ুক্তৰ

বৰপেটা জিলাৰ চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মঙলবাৰে হঠাৎ ছাডেন ভিজিট জিলা উপায়ুক্ত আয়ুস গাৰ্গৰ (DC Aayush Garg Sudden Visit at Chenga Block Primary Health Center)। ঔষধৰ জমা আৰু বিতৰণৰ খতিয়ান বহীত মিল নথকাত ঔষধ কক্ষৰ দায়িত্বতত থকা আনচাৰ আলম ভূঞাক ধমক উপায়ুক্তৰ । আগন্তুক ১৫ দিনৰ ভিতৰত চেঙা আদৰ্শ চিকিৎসালয়খন মুকলিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিলে উপায়ুক্তগৰাকীয়ে ৷

Sudden Visit DC at Chenga Block Primary Health Center in Barpeta
বৰপেটা জিলাৰ চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ছাডেন ভিজিট জিলা উপায়ুক্তৰ
author img

By

Published : Jul 27, 2022, 12:40 PM IST

বৰপেটা, 27 জুলাই: এতিয়াও ৰাজ্যৰ বহু চৰকাৰী স্বাস্থ্যখণ্ড আছে যাৰ অৱস্থা অতিকৈয়ে শোচনীয়া ৷ একাংশ চৰকাৰী খণ্ডৰ চিকিৎসালয়ত ৰোগীক উন্নত চিকিৎসাৰ প্ৰদান কৰাৰ বাবে নাই পৰ্যাপ্ত পৰিমাণে সঁজুলি ৷ বিভিন্ন সময়ত চিকিৎসাৰ বাবে যোৱা ৰোগীয়ে এইসমূহ চিকিৎসালয়ত ভুগিব লগা হয় দুৰ্ভোগ ৷ তাৰোপৰি ৰাজ্যখনৰ বহু চিকিৎসালয়ত আজিও বন্ধ হৈ আছে চিকিৎসাসেৱাৰ ব্যৱস্থা ৷ ফলত এনেসমূহ অঞ্চলৰ ৰোগীয়ে চিকিৎসক অথবা চিকিৎসা সেৱাৰ অভাৱত সমস্যাত পৰিব লগা হয় ৷

তেনে এখন চিকিৎসালয়ৰ উদাহৰণ হৈছে বৰপেটা জিলাৰ চেঙা আদৰ্শ চিকিৎসালয় ৷ মঙলবাৰে প্ৰথমে আদৰ্শ চিকিৎসালয়খনত উপস্থিত হয় জিলা উপায়ুক্ত আয়ুস গাৰ্গ (Aayush Garg, IAS)। আদৰ্শ চিকিৎসালয়খনত উপস্থিত হৈ চিকিৎসালয়খনত আজিও স্বাস্থ্যসেৱা মুকলি নকৰাৰ বিষয়টো সন্দৰ্ভত আলোচনা কৰি আগন্তুক ১৫ দিনৰ ভিতৰত আদৰ্শ চিকিৎসালয়খন মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনায় জিলা উপায়ুক্তগৰাকীয়ে । ইয়াৰ পিছতে জিলা উপায়ুক্তগৰাকী হঠাৎ উপস্থিত হয়গৈ চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৷ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত উপস্থিত হৈ কেন্দ্ৰটোৰ প্ৰতিটো বিভাগ পৰিদৰ্শন কৰে জিলা উপায়ুক্তগৰাকীয়ে (Barpeta DC at Chenga Block Primary Health Center)।

বৰপেটা জিলাৰ চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ছাডেন ভিজিট জিলা উপায়ুক্তৰ

সমান্তৰালকৈ ঔষধ কক্ষ, ঔষধৰ জমা আৰু বিতৰণৰ খতিয়ান বহীত মিল নথকাত ঔষধ কক্ষৰ দায়িত্বতত থকা আনচাৰ আলম ভূঞা নামৰ কৰ্মচাৰীজনক ধমক দিয়াৰ লগতে উপায়ুক্তগৰাকীয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিবলৈকো নিৰ্দেশ দিয়ে । ইয়াৰোপৰি শ্ৰমিক কক্ষ, ৰোগী চোৱা কক্ষ আদি পৰিদৰ্শন কৰি চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰে উপায়ুক্তজনে ।

লক্ষ্যণীয় যে উপায়ুক্তগৰাকীৰ ছাডেন ভিজিটৰ সময়তে হুনুফা খাতুন নামৰ এগৰাকী নাৰ্চে প্ৰসৱৰ বিনিময়ত ধন দাবী কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰে এগৰাকী ভুক্তভোগীয়ে । এইক্ষেত্ৰত উপায়ুক্তগৰাকীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰাৰ লগতে ভুক্তভোগী প্ৰসূতিগৰাকীক ততাতৈয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে । ইয়াৰ পিছত উপায়ুক্তগৰাকীয়ে ৰৌমাৰী পাথাৰৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অঞ্চলো পৰিদৰ্শন কৰে । স্বাস্থ্যখণ্ড পৰিদৰ্শনৰ সময়ত জিলা উপায়ুক্তগৰাকীৰ লগত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত লাচিত দাস আৰু চেঙা ৰাজহ চক্ৰ বিষয়া প্ৰাণজিৎ কুমাৰ দেৱ ৷

লগতে পঢ়ক: Parimal Shuklabaidya sudden visit: ISBT ত নিশা ছাডেন ভিজিট পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.