ETV Bharat / state

এজন ছাত্ৰৰ বাবেই মেৰামতি হ'ল এখন গাৱঁৰ পথ - গাঁওবাসীক অবাক কৰি আৰম্ভ হ'ল বৰপেটা-পালহাজী পথৰ মেৰামতিৰ কাম

গাঁওবাসীক অবাক কৰি গড়কাপ্টানি বিভাগে মুহূৰ্ততে আৰম্ভ কৰিলে বৰপেটা-পালহাজী পথটোৰ মেৰামতিৰ কাম ৷ সদ্যঘোষিত হাইমাদ্ৰাছা পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰা ছাত্ৰ ইয়ামিন আলীৰ বাবেই পথটোৰ মেৰামতিৰ কাম আৰম্ভ কৰা বুলি উল্লেখ কৰে গাঁওবাসীয়ে ৷

sudden road construction in barpeta district

author img

By

Published : Jun 11, 2020, 1:30 PM IST

বৰপেটা, 11 জুনঃ বৰপেটা জিলাৰ পালহাজীলৈ যোৱা পথটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকাৰ পিচত, আকস্মিকভাৱে পথটোৰ মেৰামতিৰ কাম আৰম্ভ কৰিলে গড়কাপ্টানি বিভাগে ৷ দীৰ্ঘ বছৰ ধৰি পথটো মেৰামতিৰ বাবে ৰাইজে দাবী জনাই অহাৰ পিচতো পথটো মেৰামতিৰ ব্যৱস্থা কৰা নাছিল বিভাগটোৱে ৷ আনকি পথটোৰ মেৰামতিৰ বাবে কৃষক মুক্তিকে ধৰি বহু সংগঠনে আন্দোলন পৰ্যন্ত কৰাৰ পিচতো হোৱা নাছিল মেৰামতি ৷

গাঁওবাসীক অবাক কৰি আৰম্ভ হ'ল বৰপেটা-পালহাজী পথৰ মেৰামতিৰ কাম

কিন্তু শেহতীয়াকৈ বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ তৎপৰতাত পথটোৰ মেৰামতিৰ বাবে হঠাৎ তৎপৰ হৈ পৰিল গড়কাপ্টানি বিভাগ ৷ ৰাইজে পথটো মেৰামতিৰ সম্পূৰ্ণ কৃতিত্ব দিব বিচাৰিছে কাঁহীবাৰী গাঁৱৰ ইয়ামিন আলী নামৰ এগৰাকী ছাত্ৰক ৷ ইয়ামিন আলীয়ে সদ্যঘোষিত হাইমাদ্ৰাছা পৰীক্ষাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰি অঞ্চলটোলৈ কঢ়িয়াই আনিছিল গৌৰৱ ৷ ছাত্ৰ জনৰ কৃতিত্বৰ পিচতেই গাঁওবাসীক অবাক কৰি গড়কাপ্টানি বিভাগে মুহূৰ্ততে আৰম্ভ কৰিলে বৰপেটা-পালহাজী পথটোৰ মেৰামতিৰ কাম ৷ এজন মেধাৱী ছাত্ৰৰ বাবেই দীৰ্ঘদিন ধৰি ভোগ কৰি অহা যন্ত্ৰণাৰ পৰা ৰাইজ মুক্ত হোৱাক লৈ অঞ্চলবাসী উৎফুল্লিত হৈ পৰাৰ লগতে, ভৱিষ্যতে ছাত্ৰজনৰ জৰিয়তে অঞ্চলটো উন্নতিৰ দিশলৈ আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰিছে ৷

লগতে পঢ়কঃ নৱ প্ৰজন্মৰ বহুজনে চিনি নোপোৱা এবিধ ঐতিহাসিক সম্পদ "বৰপেৰা"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.