ETV Bharat / state

বৰপেটাৰোডত মেট্ৰিক পৰীক্ষা বাতিলৰ দাবীত প্ৰতিবাদ - বৰপেটাৰোডত প্ৰতিবাদ

সোমবাৰে বৰপেটাৰোডত আগন্তুক মেট্ৰিক পৰীক্ষা বাতিল কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত একাধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ ৷ পৰীক্ষা বাতিল নকৰালৈকে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ হুংকাৰ ৷

barpeta road students protest
বৰপেটাৰোডত শিক্ষাৰ্থীৰ প্ৰতিবাদ
author img

By

Published : Apr 26, 2021, 2:07 PM IST

বৰপেটাৰোড,26 এপ্ৰিল : ক’ভিডৰ ভয়াৱহতাৰ বাবে ৰাজ্যত বহু সিদ্ধান্ত লোৱা হৈছে যদিও এই জটিল সন্ধিক্ষণত মেট্ৰিক পৰীক্ষা বাতিল কৰাৰ দাবীৰে ৰাজপথলৈ ওলাই আহিছে একাধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰী ৷ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক 11 মে’ৰ পৰা অনুষ্ঠিত হ’বলগীয়া মেট্ৰিক পৰীক্ষা বাতিল কৰাৰ দাবী জনাই সোমবাৰে বৰপেটাৰোডত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷

বৰপেটাৰোডৰ ষ্টেডিয়ামত উপস্থিত হৈ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে প্লে’কাৰ্ড লৈ শিক্ষা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে চৰকাৰক মেট্ৰিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে, বৰ্তমানলৈকে বৰপেটাৰোডৰ 8 গৰাকীকৈ শিক্ষক ক’ভিডত আক্ৰান্ত হৈছে ৷

বৰপেটাৰোডত শিক্ষাৰ্থীৰ প্ৰতিবাদ

ইয়াৰোপৰি বৰপেটা জিলাত 450 তকৈও অধিক লোক ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে ৷ এনে ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ জীৱনতকৈ পৰীক্ষা ডাঙৰ হ’ব নোৱাৰে বুলি মন্তব্য কৰি ছাত্ৰ-ছাত্ৰীসকলে কয় যে, পৰীক্ষা বাতিল নকৰালৈকে প্ৰতিবাদ সাব্যস্ত কৰি থাকিব এইসকল ছাত্ৰ-ছাত্ৰীয়ে ৷

লগতে পঢ়ক : ক’ভিড-১৯ সন্দৰ্ভত বিৰোধীৰ সদিচ্ছা নাই: সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.