বৰপেটা, 10 ডিচেম্বৰ : ৰাজ্যত সৰ্বত্ৰে উন্নয়নৰ ঢাক-ঢোল বজোৱা বিজেপি চৰকাৰৰ শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ ৷ শিক্ষাৰ সংস্কাৰ আৰু শিক্ষক নিযুক্তিকে ধৰি শিক্ষা বিভাগত হোৱা উন্নয়নক লৈ সৰ্বত্ৰে প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ পিছে বৰপেটা জিলাৰ কলগাছিয়াত অধিবিদ্যা পৰিষদৰ অন্তৰ্গত বাংকাভাংগা বি টি হাইস্কুলৰ দৃশ্য কিছু সুকীয়া ৷ শিক্ষক নিযুক্তিৰ দাবীত প্ৰতিবাদত চামিল হ’বলগীয়া হৈছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকল(Students protest in Barpeta)৷ শ্ৰেণীকোঠা বৰ্জন কৰি প্ৰতিবাদত নামি পৰে শতাধিক ছাত্ৰ-ছাত্ৰী ৷
১৯৭৯ চনত স্থাপিত এই বিদ্যালয়খনৰ ১৪ জন শিক্ষকে অৱসৰ গ্ৰহণ কৰাত সম্প্ৰতি ৫ জন শিক্ষকে ৫ শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত চলাই আছে পাঠদান । সম্প্ৰতি বিদ্যালয়খনত নাই বিজ্ঞান, হিন্দী, কম্পিউটাৰ আদিৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ শিক্ষক । যাৰ ফলত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হৈ আহিছে ৷ বৃহস্পতিবাৰে ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী বৰ্জন কৰি বিদ্যালয়খনত শীঘ্ৰেই শিক্ষক নিযুক্তিৰ বাবে শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰে ৷
লগতে এই প্ৰতিবাদত উপস্থিত থাকে বিদ্যালয়খনৰ প্ৰধান শিক্ষক, বাংকাভাংগা ছোচিও কালচাৰেল ৰেভলেশ্বন স্বেচ্ছাসেৱী সংগঠনৰ সদস্যৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে । টেটৰ জৰিয়তে শিক্ষাবিভাগৰ আমুল পৰিৱৰ্তন সাধন কৰা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হোৱাপ পাচতো এইদৰে চৰকাৰী বিদ্যালয় ছাত্ৰ-ছাত্ৰী শিক্ষৰ লাভৰ পৰা বঞ্চিত হোৱাতো পৰিতাপৰ বিষয় ৷
লগতে পঢ়ক : মজুৰি বৃদ্ধিকে ধৰি কেইবাটাও দাবীত বৰপেটাত প্ৰতিবাদ নির্মাণ শ্রমিক ইউনিয়নৰ