বৰপেটা, ৩ নৱেম্বৰ: বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন বাতিলৰ প্ৰতিবাদত বুধবাৰে নিশালৈকে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ ৷ জানিব পৰা মতে বুধবাৰে অৰ্থাৎ 2 নৱেম্বৰত আছিল কয়াকুছি মবাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৷ ইপিনে ৫ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল ছাত্ৰ একতা সভাৰ নিৰ্বাচন (Kayakuchi College Students Union Election) ৷
পিছে বুধবাৰে বিয়লিৰ ভাগত মহাবিদ্যালয় কতৃপক্ষই নিৰ্বাচন বাতিলৰ জাননী জাৰি কৰাৰ পিচতেই ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ পূৰ্বে ঘোষণা কৰা তাৰিখতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত নিশালৈকে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে অৱস্থান গ্ৰহন কৰি প্ৰতিবাদ সাব্যস্ত কৰে (Students protest against cancellation of elections) ৷
উল্লেখ্য যে ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ বিভিন্ন পদত ইতিমধ্যে ১৫ খনকৈ মনোনয়ন পত্ৰ দাখিল কৰিছিল ছাত্ৰ-ছাত্ৰীসকলে ৷ কিন্তু কি নিয়মৰ আধাৰত মনোনয়ন দাখিলৰ সময়সীমা পাৰ হৈ যোৱাৰ পাছত মহাবিদ্যালয় কৰ্তৃপক্ষই নিৰ্বাচন বাতিল কৰিলে তাক লৈ সৰৱ হৈ পৰিল ছাত্ৰ-ছাত্ৰীসকল ৷ নিৰ্বাচন বাতিল কৰা মহাবিদ্যালয় কতৃপক্ষৰ বিৰুদ্ধে একাংশ ছাত্ৰ-ছাত্ৰীয়ে নিশালৈকে মহাবিদ্যালয়ৰ চৌহদত অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
বিশেষকৈ পূৰ্বে ঘোষণা কৰা তাৰিখতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে ৷