ETV Bharat / state

বৰপেটাত পাঠদানৰ মাজতে ঢলি পৰিল শিক্ষাৰ্থী

author img

By

Published : May 22, 2022, 8:23 PM IST

কুকাৰপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত পাঠদান চলি থকাৰ সময়তে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী আকস্মিকভাৱে ঢলি পৰে(Students faint during class in Barpeta) ৷ অসুস্থ ছাত্ৰ-ছাত্ৰীসকলক ভৰ্তি কৰোৱা হয় চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৷

students-faint-during-class-in-barpeta
বৰপেটাত পাঠদানৰ মাজতে ঢলি পৰিল শিক্ষাৰ্থী

বৰপেটা, 22 মে’ : বৰপেটাৰ কুকাৰপাৰত অঘটন(Tense situation in Barpeta) ৷ পাঠদানৰ মাজতে এখন বিদ্যালয়ত আকস্মিকভাৱে অচেতন হৈ পৰিল ছাত্ৰ-ছাত্ৰী ৷ যাক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় বিদ্যালয়খনত ৷ ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে কুকাৰপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত পাঠদান চলি থকাৰ সময়তে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী আকস্মিকভাৱে ঢলি পৰে(Students faint during class in Barpeta) ৷ শিক্ষাৰ্থীসকলৰ এনে অৱস্থা দেখি বিদ্যালয় কৰ্তৃপক্ষই খবৰ দিয়ে অভিভাৱকসকলক ৷ তাৰপিছতে অসুস্থ ছাত্ৰ-ছাত্ৰীসকলক ভৰ্তি কৰোৱা হয় চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৷

বৰপেটাৰ কুকাৰপাৰত অঘটন

ইয়াৰ ভিতৰত কিছুসংখ্যকে প্ৰাথমিক চিকিৎসা গ্ৰহণৰ পিছত সুস্থ হয় যদিও তিনিগৰাকীয়ে আৰোগ্য লাভ নকৰাত প্ৰেৰণ কৰা হয় বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ(FAAMCH at Barpeta) ৷ আন আন অসুস্থ ছাত্ৰ-ছাত্ৰীসকলে এতিয়াও চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা সেৱা গ্ৰহণ কৰি আছে ৷ এই সন্দৰ্ভত চেঙা প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ চিকিৎসকে চিন্তাৰ কোনো কাৰণ নাই বুলি সদৰি কৰিছে ৷ ছাত্ৰ-ছাত্ৰীসকল অসুস্থ হৈ পৰাৰ পিছতে বিদ্যালয় ছুটী দিয়া বুলি বিদ্যালয় কৰ্তৃপক্ষই সদৰি কৰিছে ৷

উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বেও জিলাখনৰ দুখনকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণীকোঠাত পাঠদানত অংশগ্ৰহণ কৰি থকাৰ সময়তে আকস্মিকভাৱে হৈ পৰিছিল অচেতন ৷ পৰৱৰ্তী সময়ত চিকিৎসকে ছাত্ৰ-ছাত্ৰীসকল মাছ হিষ্টেৰিয়াত(Students in Barpeta suffering from mass hysteria) আক্ৰান্ত হোৱাৰ কথা ব্যক্ত কৰিছিল ৷

লগতে চাওক: মাছ হিষ্টেৰীয়াত আক্ৰান্ত বৰপেটাৰ দুখনকৈ বিদ্যালয়ৰ শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.