ETV Bharat / state

অধ্যক্ষৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী

author img

By

Published : Feb 7, 2020, 1:46 PM IST

বৰপেটা জিলাৰ ৰামপুৰস্থিত এন হক প্ৰি-ছিনিয়ৰ মাদ্ৰাছাৰ অধ্যক্ষ জাকিৰ হুছেইন আৰু পৰিচালনা সমিতিৰ সভাপতিৰ মাজত হতাহতিয়ে লজ্জিত কৰি তুলিছে সচেতন মহলক ৷ ইয়াৰউপৰিও মধ্যাহ্ন ভোজনৰ ১ লাখ ৩০ হেজাৰ টকা আত্মসাতৰো অভিযোগ উত্থাপন হৈছে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে ৷

Student protest against principal
অধ্যক্ষৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ

জনিয়া,7 ফেব্ৰুৱাৰীঃ অধ্যক্ষৰ দুৰ্নীতিৰ বিৰুদ্ধে শ্ৰেণীকোঠা বৰ্জন কৰি প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকসকল ৷ বৰপেটা জিলাৰ ৰামপুৰস্থিত এন হক প্ৰি-ছিনিয়ৰ মাদ্ৰাছাৰ অধ্যক্ষ জাকিৰ হুছেইন আৰু পৰিচালনা সমিতিৰ সভাপতিৰ মাজত হতাহতিয়ে লজ্জিত কৰি তুলিছে সচেতন মহলক ৷ বিদ্যালয়ত অনিয়মিতভাৱে উপস্থিত থকা অধ্যক্ষ গৰাকীয়ে ২৬ জানুৱাৰীৰ পাছত শুকুৰবাৰে বিদ্যালয়ত উপস্থিত হয় ৷ ছাত্ৰ-ছাত্ৰীসকলৰ অভিযোগ মাহেকত মাত্ৰ ১৩-১৪ দিনহে বিদ্যালয়ত উপস্থিত থাকে অধ্যক্ষ জাকিৰ হুছেইন ৷ আনহাতে, মধ্যাহ্ন ভোজনৰ ১ লাখ ৩০ হেজাৰ টকা আত্মসাতৰো অভিযোগ উত্থাপন হৈছে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে ৷

অধ্যক্ষৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ

উল্লেখ্য যে, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শাৰিৰীক-মানসিক বিকাশৰ লক্ষ্যৰে ছাত্ৰ-ছাত্ৰীৰ মাজত তিনিদিনীয়া খেল-ধেমালি অনুষ্ঠিত কৰিবলৈ চৰকাৰে ধনৰ যোগান ধৰিছিল ৷ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়খনত চাউণ্ড বক্স কিনাৰ বাবে আবেদন কৰিছিল ৷ আৰু এই আবেদনত সন্মতি প্ৰদান কৰিছিল পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে ৷ উক্ত কথাতেই তেখেতৰ সৈতে প্ৰথমাৱস্থাত তৰ্কাতৰ্কি আৰু পৰৱৰ্তীসময়ত হতাহতিত লিপ্ত হয় মাদ্ৰাছাখনৰ অধ্যক্ষ ৷ ৰামপুৰৰ এন হক প্ৰি-ছিনিয়ৰ মাদ্ৰাছাৰ অধ্যক্ষৰ এই নিন্দনীয় ঘটনাৰ পাছত শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক-কোকৰাঝাৰত শান্তি চুক্তি বিজয় উৎসৱত নৰেন্দ্ৰ মোডী

Intro:Body:জীৱন সংগ্ৰামত ব্ৰতী এগৰাকী মহিলা: গাখীৰ বিক্ৰীৰে স্বাৱলম্বী
……………………………………………………………
আমগুৰি, ৭ ফেব্ৰুৱাৰী:

জীৱন মানেই সংগ্ৰাম। জীয়াই থাকিবৰ কাৰণে সংগ্ৰাম কৰিবই লাগিব। সংগ্ৰামহীন জীৱনৰ অৰ্থইবা ক'ত?

শিৱসাগৰ জিলাৰ নামতিৰ এগৰাকী মহিলাৰ সংগ্ৰামী জীৱনৰ অলিখিত এক কাহিনীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অন্য দহগৰাকী মহিলাতকৈ পৃথক এইগৰাকী মহিলাৰ কঠোৰ জীৱন সংগ্ৰামৰ অলিখিত কাহিনীয়ে আপোনাক-মোক ব্যথিত কৰাৰ সমান্তৰালকৈ ইতিবাচক এক বাৰ্তা কঢ়িয়াই আনিব।

লক্ষ্য কৰক এইগৰাকী মহিলা। মহিলাগৰাকীৰ নাম মীনু শইকীয়া। মহিলাগৰাকীয়ে নিজৰ পৰিয়ালটোক জীয়াই থাকিবৰ কাৰণে দুবেলা দুমুঠি অন্ন খাবৰ কাৰণে কৰিবলগীয়া হৈছে কঠোৰ সংগ্ৰাম।গাখীৰ বিক্ৰী কৰি পোহপাল দিবলগীয়া হৈছে নিজৰ পৰিয়াল।

যোৱা পাঁচ বছৰে গাখীৰ বিক্ৰী কৰি জীৱন সংগ্ৰামত ব্ৰতী হৈছে মীনু শইকীয়াই ।পুৱাতেই নিজৰ চাইকেলখনত গাখীৰ বিক্ৰীৰ বাবে গাঁৱে গাঁৱে ঘূৰি ফুৰে। ঘৰৰ তিনিজনীকৈ গাই গৰুৰপৰা উৎপাদিত হোৱা গাখীৰ নিজা চাইকেলখনত বান্ধি লৈ পদূলিয়ে পদূলিয়ে টিলিঙা বজাই বিক্ৰী কৰি ফুৰে।পৰিয়ালটোৰ ৰুগীয়া স্বামী আৰু একমাত্ৰ সন্তানক পোহপাল দিয়াৰ উদ্দেশ্যেই এনেদৰেই গাখীৰ বিক্ৰী কৰি কঠিন সংগ্ৰাম কৰিব লগাত পৰিছে মহিলাগৰাকী ।

এই গাখীৰৰ ব্যৱসায়েৰেই স্বাৱলম্বী হৈছে এই মহিলা গৰাকী।পোৱা নাই কোনো ধৰণৰ চৰকাৰী সা সুবিধা । চৰকাৰৰ পৰা এটা শৌচাগাৰ লাভ কৰিছিল যদিও সেইটো ব্যৱহাৰৰ বাবে উপযুক্ত হৈ নুঠিল।

চৰকাৰৰ পৰা কিছু আৰ্থিক সাহায্য লাভ কৰা হলে মহিলাগৰাকীয়ে গাখীৰৰ ব্যৱসায়টো অধিক আগবঢ়াই নিব পাৰিলেহেতেন। জিৰণি ল'বলৈয়ো সময় নোপোৱা মিনু শইকীয়াই অশেষ কষ্ট কৰি কঠোৰ সংগ্ৰামত ব্ৰতী হৈছে।

পিছলৈ ঘূৰি চাবলৈয়ো যেন সময়ৰ অভাৱ। লক্ষ্য আৰু উদ্দেশ্য মাথোঁ এটাই সোনকালে গৈ গ্ৰাহকক সময়মতে গাখীৰ যোগান ধৰিব লাগে।সঁচাই এই গৰাকী মহিলাৰ এই প্ৰশংসনীয় কৰ্মক আমি সকলোৱে প্ৰশংসা কৰিব লাগে।

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ইটিভি ভাৰত অসমConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.