জনীয়া, 31 অক্টোবৰ : ১৮৯ নং চৰ কামাৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শনিবাৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক জাহিদুল ইছলামৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকে উত্থাপন কৰিছে বিদ্যালয়ত অনুপস্থিত থকাৰ অভিযোগ ৷ মাহেকত মাত্ৰ ৬-৭ দিনহে বিদ্যালয়ত উপস্থিত থাকে প্ৰধান শিক্ষকগৰাকী ৷ যাৰ বাবে শিক্ষাৰ দিশত ক্ষতিগ্ৰস্ত হৈছে ছাত্ৰ-ছাত্ৰীসকল ৷
উত্থাপিত অভিযোগ অনুসৰি, প্ৰধান শিক্ষকগৰাকীয়ে মাহৰ বাকী দিনকেইটা "ছাৰৰ অফিচৰ কাম আৰু গা ভাল নহয়" বুলি অজুহাত দেখুৱাই প্ৰায়ে বিদ্যালয়ত উপস্থিত নাথাকে ৷ যাৰ বাবে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে পিতৃতুল্য শিক্ষাগুৰুগৰাকীৰ বিৰুদ্ধে সাব্যস্ত কৰিব লগা হৈছে প্ৰতিবাদ । প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু স্থানীয় ৰাইজে শিক্ষকজনক নিলম্বনৰো দাবী জনায় ।
লগতে পঢ়ক : শ্ৰেণীকোঠাৰ ভিতৰত সংঘটিত প্ৰচণ্ড মাৰপিট পালেগৈ Social Media