ETV Bharat / state

কলগাছিয়াত পুখুৰীৰ পৰা উদ্ধাৰ চুৰি ৰড - কলগাছিয়া আৰক্ষী থানা

কলগাছিয়াৰ এটা পুখুৰীৰ পৰা মাছৰ পৰিৱৰ্তে উদ্ধাৰ হৈছে ৰড, ৰিং আৰু বল্টু ৷ কলগাছিয়াৰ শওঁপুৰত পুখুৰীত উদ্ধাৰ হৈছে মডেল স্কুলৰ পৰা চুৰি হোৱা ৰড আৰু বল্টু ৷ ঘটনা সন্দৰ্ভত খম্বু নামৰ এজন লোকক আটক ৷

stolen iron rod recovered in jania
কলগাছিয়াত পুখুৰীৰ পৰা উদ্ধাৰ চুৰি হোৱা ৰড
author img

By

Published : Mar 11, 2021, 3:40 PM IST

জনীয়া,11 মাৰ্চ: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শওঁপুৰত আনোৱাৰ হুছেইন নামৰ এজন ব্যক্তিৰ পুখুৰীত পুনৰ নির্মাণৰত মডেল স্কুলৰ চুৰি হোৱা ৰড, ৰিং আৰু বল্টু উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বুধবাৰে সন্ধিয়া আনোৱাৰ হুছেইন নামৰ এগৰাকী ব্যক্তিৰ পুখুৰীত ৰড, ৰিং আৰু বল্টু নমাই থকাৰ সময়তে জয়নাল আবদিন ওৰফে খম্বু নামৰ লোকজনক আটক কৰে বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত AS 19 F 2559 নম্বৰৰ এখন চাৰিচকীয়া বাহন জব্দ কৰা হয় যদিও গাড়ীৰ চালক শ্বহিদুল ইছলাম ওৰফে দুলুৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পুখুৰীটোৰ পৰা কেইবা টন ৰড, ৰিং আৰু বল্টু উদ্ধাৰ কৰাৰ বিপৰীতে ব্যক্তিজনক বাহনখনৰ সৈতে আৰক্ষীয়ে থানালৈ লৈ যায় ৷

ঘটনা সন্দৰ্ভত খম্বু নামৰ এজন লোকক আটক

আনোৱাৰ হুছেইন নামৰ ব্যক্তিজনে জানিবলৈ দিয়া মতে, আব্দুল হাই, জাকিৰ হুছেইন ওৰফে জাহেৰ, আজিজুল হক, তাৰা মিঞা আৰু ভাতৃয়ে ষড়যন্ত্ৰ কৰি পুখুৰীত চুৰি সামগ্ৰীসমূহ লুকুৱাই ৰাখিছিল ৷ উক্ত লোক কেইগৰাকী ষড়যন্ত্ৰত লিপ্ত থকাৰ অভিযোগ কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও আনোৱাৰ হুছেইনে দাবী জনাইছে ৷

লগতে পঢ়ক: সোণোৱাল চৰকাৰৰ পৰিৱৰ্তনে চুব নোৱাৰা দেৰগাঁও সমষ্টিৰ এটা পথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.