ETV Bharat / state

বছৰৰ প্ৰথম দিনটোতে পাঠশালাত অচ্যুত লহকৰ-ৰতন লহকৰৰ প্ৰতিমূৰ্তি উন্মোচন - Statue of mobile theatre legends Ratan Lahkar and stage gem Achyut Lahkar

নৱবৰ্ষৰ পহিলা দিনটোতে উন্মোচিত কৰা হ’ল ভ্ৰাম্যমাণ থিয়েটাৰৰ জনকৰ প্ৰতিমূৰ্তি ৷ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰ আৰু আধুনিক ভ্ৰাম্যমাণৰ খনিকৰ ৰতন লহকৰৰ প্ৰতিমূৰ্তি উন্মোচন কৰে মন্ত্ৰী ৰণজিত কুমাৰ দাসে (Statue of Achyut Lahkar and Ratan Lahkar unveiled in pathshala) ৷

বজালীবাসীয়ে লাভ কৰিলে চাৰিটাকৈ ভাল খবৰ
বজালীবাসীয়ে লাভ কৰিলে চাৰিটাকৈ ভাল খবৰ
author img

By

Published : Jan 1, 2022, 5:50 PM IST

বৰপেটা, 1 জানুৱাৰী: নৱবৰ্ষৰ পহিলা দিনটোতে উন্মোচিত কৰা হ’ল ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃস্বৰূপ অচ্যুত লহক আৰু ভ্ৰাম্যমাণৰ খনিকৰ ৰতন লহকৰৰ প্ৰতিমূৰ্তি (Statue of Achyut Lahkar and Ratan Lahkar unveiled in pathshala)৷ বজালীবাসীৰ বাবে নৱবৰ্ষৰ উপহাৰস্বৰূপে প্ৰতিমূৰ্তি দুটা মুকলি কৰিলে স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰণজিত কুমাৰ দাসে ।

1 জানুৱাৰীৰ পুৱাৰ ভাগত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বজালী জিলাৰ সীমাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আদৰণি তোৰণ উন্মোচন কৰাৰ লগতে জিলাখনৰ মাজেৰে বৈ যোৱা কালদিয়া আৰু পহুমাৰা নৈৰ নাম ফলক উন্মোচন কৰে । ইয়াৰ উপৰিও পাঠশালাৰ মাজমজিয়াত মন্ত্ৰী ৰণজিত কুমাৰ দাসে ৰাজ্যৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান(Assam State Rural Livelihood Mission)ৰ জিলা কাৰ্যালয়টো শুভ উন্মোচন কৰে ।

বজালীবাসীয়ে লাভ কৰিলে চাৰিটাকৈ ভাল খবৰ

ইয়াৰ পিছতে পাঠশালাৰ প্ৰগতি সংঘৰ বাকৰিত ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰ আৰু আধুনিক ভ্ৰাম্যমাণৰ খনিকৰ ৰতন লহকৰৰ প্ৰতিমূৰ্তি উন্মোচন কৰে । দুপৰীয়াৰ ভাগত মন্ত্ৰী ৰণজিত কুমাৰ দাসে বজালী ব্লকত আত্মসহায়ক গোটৰ মাজত চেক বিতৰণ কৰি অসমবাসী ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা জনায় ।

লগতে পঢ়ক: নতুন বছৰত আহিব পাৰে চাহ জনগোষ্ঠীৰ বাবে ভাল খবৰ: সঞ্জয় কিষাণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.