ETV Bharat / state

ড৹ মুখাৰ্জীয়ে কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা প্ৰৱৰ্তন কৰিছিল : মুখ্যমন্ত্ৰী

ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্মদিনৰ লগত সংগতি ৰাখি প্ৰতিমূৰ্তি উন্মোচন কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই উপলক্ষে আয়োজন কৰা সভাত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মন্ত্ৰী ৰণজিৎ দাস ৷

Statue of Dr. Shyama Prasad Mukherjee inauguration
ড৹ শ্যামা প্ৰসাদ মূখাৰ্জীৰ প্ৰতিমূৰ্তি উন্মোচন ড৹ হিমন্ত বিশ্ব শৰ্মাৰ
author img

By

Published : Jul 6, 2021, 6:10 PM IST

Updated : Jul 6, 2021, 7:58 PM IST

বৰপেটাৰোড, 6 জুলাই : ড৹ শ্যামা প্ৰসাদ মুখাৰ্জী যেতিয়া কলিকতা বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য আছিল তেতিয়া কলিকতা বিশ্ব বিদ্যালয়ত প্ৰথম তেৱেঁই অসমীয়া ভাষা প্ৰৱৰ্তন কৰিছিল ৷ লগতে কলিকতা বিশ্ব বিদ্যালয়ত অসমীয়া ভাষাক বিষয় হিচাপে প্ৰতিষ্ঠা কৰি ড৹ বিৰিঞ্চি কুমাৰ বৰুৱাক কলিকতা বিশ্ব বিদ্যালয়ত ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে প্ৰথম গৰাকী অসমীয়া অধ্যাপক হিচাপে নিযুক্তি দিছিল ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে বৰপেটাৰোডত ৰাষ্ট্ৰীয়তাবাদী নেতা আৰু ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ এক প্ৰতিমূৰ্তি উন্মোচন কৰি এইদৰে কয় ৷ ড৹ মুখাৰ্জীৰ জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটাৰোড নগৰ মণ্ডলৰ উদ্যোগত এক সভাৰ আয়োজন কৰা হৈছিল ৷ বৰপেটাৰোড ৰেলৱে’ ষ্টেচনৰ সমীপত নিৰ্মাণ কৰি উলিওৱা এই প্ৰতিমূৰ্তিতো মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰে ৷

ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি উন্মোচন ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি উন্মোচন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, আজিৰ দিনটো অত্যন্ত স্মৰণীয় আৰু পৱিত্ৰ দিন ৷ এই দিনটোতেই ভাৰতবৰ্ষৰ ঐক্য সংহতি আৰু অখণ্ডতাৰ বাবে বলিদান দিয়া জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম হৈছিল ৷ মুখ্যমন্ত্ৰী হিচাপে প্ৰতিমূৰ্তিটো উন্মোচন কৰিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে, ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে জন্ম গ্ৰহণ কৰিছিল ১৯০১ চনৰ ৬ জুলাই তাৰিখে ৷ অৰ্থাৎ আজি দিনটোতে জন্ম হৈছিল ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে আছুকে ধৰি আন আন সংগঠন সমূহে অসমীয়া ভাষা অসমত বাধ্যতামূলক কৰাৰ কথা কৈ অহাটো ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে সমৰ্থন কৰিছিল ৷ অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা কৰা লগতে অসমৰ প্ৰতিটো শিক্ষানুষ্ঠানত অসমীয়া বাধ্যতামূলক কৰাৰ কথাত ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে সমৰ্থন কৰিছিল বুলি কয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

ইফালে, CPIM ক কটাক্ষ কৰি ড৹ শৰ্মাই কয়, সৰভোগ সমষ্টিত CPIM ৰ বিধায়ক আছে ৷ কিন্তু মন্ত্ৰী ৰণজিৎ দাসো সমষ্টিৰেই ৷ ৰণজিৎ কুমাৰ দাস বৰপেটাৰ এগৰাকী শক্তিশালী মন্ত্ৰী ৷ বিধায়কৰ কাম বিধানসভাৰ ভিতৰত আইন প্ৰণয়ন কৰা ৷ মন্ত্ৰীৰ কাম আইনত ৰূপান্তৰ কৰা ৷ BDO আৰু SDC য়ে কি কাম কৰিব সেইটো বিধায়ক নহয় মন্ত্ৰীয়েহে ঠিক কৰিব বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

উন্মোচনী সভাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বিটিচিৰ কাৰ্যবাহী গৌতম দাস সহ কেইবাজনো বিজেপি নেতা উপস্থিত থাকে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে হেলিকপ্টাৰেৰে বৰপেটাৰোডত উপস্থিত হৈ প্ৰথমে বৰপেটাৰোডত নিৰ্মীয়মান লক্ষ্মীনাথ বেজবৰুৱা প্ৰেক্ষাগৃহ আৰু পুথিভঁৰাল পৰ্যবেক্ষণ কৰি বৰপেটাৰোডৰ হনুমান মন্দিৰতো সেৱা লয় ।

লগতে পঢ়ক : নতুন SOP: 7 জিলাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা

Last Updated : Jul 6, 2021, 7:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.