ETV Bharat / state

এজাক বৰষুণতেই জলমগ্ন হৈ পৰে জনীয়া বজাৰ - সাপ্তাহিক বজাৰ

জনীয়াৰ দৈনিক তথা সাপ্তাহিক বজাৰৰ পৰা চৰকাৰে প্ৰতি বছৰে হেজাৰ হেজাৰ টকা ৰাজহ সংগ্ৰহ কৰি আহিছে ৷ কিন্তু বজাৰখনৰ উন্নয়নৰ ক্ষেত্ৰত পালন কৰিছে চকু মুদা কুলিৰ ভূমিকা । এনে পৰিস্থিতিত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযান ধোঁৱাচাঙত পৰিণত হোৱা বুলি অভিহিত কৰিছে সচেতন মহলে ।

এজাক বৰষুণতেই জলমগ্ন হৈ পৰে জনীয়া বজাৰ
এজাক বৰষুণতেই জলমগ্ন হৈ পৰে জনীয়া বজাৰ
author img

By

Published : Apr 21, 2021, 9:48 PM IST

Updated : Apr 22, 2021, 3:53 PM IST

জনীয়া,21 এপ্ৰিলঃ যি সময়ত চৰকাৰে স্বচ্ছতাৰ নামত কোটি কোটি ব্যয় কৰি আহিছে, ঠিক তেনে সময়ত বৰপেটা জিলাৰ জনীয়া বজাৰৰ অপৰিস্কাৰ-কদৰ্য পৰিৱেশে উদঙাই দিছে চৰকাৰৰ স্বচ্ছতা অভিযানৰ ফোঁপোলা স্বৰূপ । জনীয়াৰ দৈনিক তথা সাপ্তাহিক বজাৰৰ পৰা চৰকাৰে প্ৰতি বছৰে হেজাৰ হেজাৰ টকা ৰাজহ সংগ্ৰহ কৰি আহিছে ৷ কিন্তু বজাৰখনৰ উন্নয়নৰ ক্ষেত্ৰত পালন কৰিছে চকু মুদা কুলিৰ ভূমিকা । এনে পৰিস্থিতিত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযান ধোঁৱাচাঙত পৰিণত হোৱা বুলি অভিহিত কৰিছে সচেতন মহলে ৷

জনীয়াৰ দৈনিক তথা সাপ্তাহিক বজাৰৰ কদৰ্যময় পৰিৱেশে দোকানী তথা গ্ৰাহকক কেনে দুৰ্ভোগ ভোগাই আহিছে, সেয়া একমাত্ৰ ভুক্তভোগীয়েহে উপলব্ধি কৰিব পাৰে । যি সময়ত ক'ৰণা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰি সমগ্ৰ বিশ্ববাসীৰ নিদ্ৰাহৰণ কৰিছে, ঠিক তেনে সময়তে জনীয়াৰ এখন ব্যস্ততাপূৰ্ণ বজাৰৰ কদৰ্যময় পৰিৱেশে মানুহৰ স্বাস্থ্য আৰু পৰিৱেশৰ প্ৰতি চৰম ভাবুকিহে কঢ়িয়াই আনিছে । এইক্ষেত্ৰত স্থানীয় বিধায়ক, পঞ্চায়ত প্ৰতিনিধি তথা সংশ্লিষ্ট বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ বিষয়টোক দুৰ্ভাগ্যজনক আখ্যা দিছে সকলোৱে ৷

এজাক বৰষুণতেই জলমগ্ন হৈ পৰে জনীয়া বজাৰ

সম্প্ৰতি জনীয়া বজাৰখনৰ অস্বাস্থ্যকৰ তথা অপৰিস্কাৰ পৰিৱেশৰ মাজতেই খাদ্য বস্তুকে ধৰি বিভিন্ন সামগ্ৰী বিক্ৰী হৈ আছে । যাৰ বাবে বজাৰখনৰ এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে জনীয়া বজাৰৰ ব্যৱসায়ী আৰু স্থানীয় ৰাইজে মন্দিয়া আঞ্চলিক পঞ্চায়তকে ধৰি চৰকাৰৰ ওচৰত দাবী জনাইছে । অন্যথা দোকানীসকলে খাজনাকে ধৰি অন্যান্য কৰসমূহ আদায় নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে ৷

লগতে পঢ়কঃ বহিৰাগত কোম্পানীৰ ৰামঠগন মাজুলীৰ কৃষকক

Last Updated : Apr 22, 2021, 3:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.