বৰপেটা,২১ মাৰ্চ: ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন ৷ ইতিমধ্যে ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ আছে ৷ তাৰ মাজতে দেওবাৰে বৰপেটাত সৰ্থেবাৰীৰ গড়ৰতাৰিত জব্দ হৈছে নগদ ধন ৷ সৰ্থেবাৰীৰ সমীপৰ গড়ৰতাৰিত ফ্লায়িং স্কোৱাড আৰু SST ৰ তালাচীত এখন মালবাহী ডি আই গাড়ীৰ পৰা জব্দ কৰে ৭৩,১০০ টকা ৷ উল্লেখ৷যোগ্য যে, নগাঁৱৰ পৰা সৰ্থেবাৰী চহৰলৈ গৈ থকা অৱস্থাত জব্দ কৰিছে টকাখিনি ৷

মন কৰিবলগীয়া যে, ধনৰ উৎস সম্পৰ্কে নিশ্চিত তথ্য দাখিল কৰিব নোৱাৰাত ধনখিনি বৰপেটা কোষাগাৰত জমা কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ইপিনে শনিবাৰে নিশাৰ ভাগতো সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিৰ সমীপৰ কদমতলাত প্ৰায় ৭৫ হাজাৰ টকা আৰু বালাপাৰাৰ সমীপৰ ভাৰেগাঁৱত ২ লাখ ২২ হাজাৰ টকা জব্দ কৰিছিল ফ্লায়িং স্কোৱাড আৰু SST ৰ অভিযানকাৰী দলে ৷
লগতে পঢ়কঃ এতোৱা মুণ্ডাৰ নিৰ্বাচনী প্ৰচাৰত বাধা