ETV Bharat / state

গুজৰাটৰ পৰা অহা 144 যাত্ৰীক বৰপেটাত কোৱাৰেণ্টাইন - special shramik train carries 144 migrants to barpeta : all are quarantined

বৰপেটাৰোড ৰেল ষ্টেচনত গুজৰাটৰ আহমেদাবাদৰ পৰা বিশেষ শ্ৰমিক ৰেল যোগে আহি উপস্থিত হোৱা শ্ৰমিক সকলক কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে স্বাস্থ্য পৰীক্ষা কৰি কোৱাৰেন্টাইন কেন্দ্ৰলৈ প্ৰেৰণ ৷

special shramik train carries 144 migrants to barpeta : all are quarantined
গুজৰাটৰ পৰা অহা 144 জন যাত্ৰীক বৰপেটাত কোৱাৰেণ্টাইন
author img

By

Published : May 28, 2020, 12:42 PM IST

বৰপেটাৰোড,28মেঃ গুজৰাটৰ আহমেদাবাদৰ পৰা বিশেষ শ্ৰমিক ৰেল যোগে বৃহস্পতিবাৰে পুৱা পাঁচ বজাত আহি বৰপেটাৰোড ৰেলৱে' ষ্টেচনত উপস্থিত হয় 144 জন বহিঃৰাজ্যত আবদ্ধ লোক ৷ ইপিনে ষ্টেচনত পূৰ্বৰ পৰাই ৰৈ থকা চিকিৎসকৰ দল এটিয়ে যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰে ৷ যাত্ৰীসকলক পৰীক্ষাৰ অন্তত বৰপেটাৰোডৰ ৰেলৱে' ষ্টেচনত নমা 144 যাত্ৰীকেই জিলা প্ৰশাসনে কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰে ৷ বৰপেটা জিলা প্ৰশাসনে উক্ত যাত্ৰীসকলৰ ছয় খন বাছ গাড়ীৰে বৰপেটাৰোডৰ পৰা কোৱাৰেণ্টাইন কেন্দ্ৰলৈ লৈ যোৱা হয় ৷ ইয়াৰে তিনিখন বাছৰ যাত্ৰীসকলক কলগাছিয়াৰ নৱজ্যোতি কলেজৰ কোৱাৰেণ্টাইন কৰাৰ বাবে লৈ যোৱাৰ বিপৰীতে আন তিনিখন বাছৰ যাত্ৰীসকলক বৰবিলাৰ নেহৰু ছোৱালী হোষ্টেলত কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে ৷

গুজৰাটৰ পৰা অহা 144 জন যাত্ৰীক বৰপেটাত কোৱাৰেণ্টাইন

ইপিনে বিশেষ শ্ৰমিক ৰেলখন বৰপেটাৰোড ৰেলৱে' ষ্টেচন আহি পোৱাৰ পূৰ্বে বৰপেটাৰোড ৰেলৱে' ষ্টেচন মাষ্টাৰকে ধৰি ৰেলৰ শীৰ্ষ বিষয়া-কৰ্মচাৰী ,আৰ পি এফ, জি আৰ পি আৰু বৰপেটাৰোড আৰক্ষী থানাৰ বৃহৎ আৰক্ষীৰ দল এটিয়ে ব্যাপক নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছিল ৷ বৰপেটাৰোড ৰেলৱে' ষ্টেচন চৌহদৰ চাৰিওপিনে থকা পথসমূহত বেৰিকেড দি বন্ধ কৰি দিয়ে যাতে কোনো যাত্ৰীয়ে ৰেলৰ পৰা নামি পলায়ন কৰিব নোৱাৰে ৷ উল্লেখ্য যে, এই বিশেষ শ্ৰমিক ৰেলখন বুধবাৰেই বৰপেটাৰোড ৰেলৱে' ষ্টেচন আহি পোৱাৰ কথা আছিল যদিও এদিন পলমকৈ অৰ্থাৎ বৃহস্পতিবাৰে পুৱা পাঁচ বজাতহে বৰপেটাৰোড ৰেলৱে' ষ্টেচনত উপস্থিত হয় ৷

লগতে পঢ়কঃ তেলেংগানাত মে' মাহতো কৰ্তন হ'ব দৰমহা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.