ETV Bharat / state

Bajali Corruption Case : বজালীত CID ৰ অভিযান; SP সিদ্ধাৰ্থ বুঢ়াগোহাঁইক শাস্তিমূলক বদলি

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 1:09 PM IST

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিচতেই ৰাজ্যৰ তৎপৰ হৈছে ৰাজ্যৰ গৃহ বিভাগ । বজালীৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইক আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত নিযুক্তি । মহানগৰ আৰক্ষীৰ আয়ুক্তৰ DCP (Security) অজাকৱাৰন বসুমতাৰীক বজালীৰ নতুন আৰক্ষী অধীক্ষকৰূপে নিযুক্তি দিয়া হৈছে ।

Bajali Corruption Case
চি আই ডিৰ মুখ্য কাৰ্যালয়ত মাৰাৰ্থন জেৰা

বৰপেটা, ২ ছেপ্টেম্বৰ : বজালী আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোঁহাঞিৰ চৰকাৰী আৱাসগৃহত পুৱতি নিশা গুৱাহাটীৰ পৰা অহা চি আই ডিৰ বৃহৎ দলে চলায় তালাচী অভিযান । আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তো তালাচী চলায় চি আই ডিৰ দলে । আনহাতে, আৰক্ষীৰ মধ্যস্থতাকাৰী বুলি পৰিচিত বজালী সৰুপেটা ঠেকাৰ কিশোৰ চন্দ্ৰ বৰুৱাক বজালী আৰক্ষীয়ে আটক কৰি আজি গতাই দিয়ে চিআইডিক ।

উল্লেখ্য যে, বজালী আৰক্ষীৰ সাতজনকৈ বিষয়া-জোৱানক ধন দাবীৰ অভিযোগত চি আই ডিয়ে শুক্ৰবাৰে আটক কৰে । বজালী জিলাৰ ভবানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত কৰাগাৰী গাঁৱৰ এগৰাকী চুপাৰি ব্যৱসায়ীক ধন দাবী কৰাৰ অভিযোগত চি আই ডিয়ে বজালী জিলাৰ উপ-আৰক্ষী অধীক্ষক পুষ্কল গগৈ, পাটাছাৰকুছি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপজ্যোতি পাতিৰিক শুক্ৰবাৰে চি আই ডিৰ মুখ্য কাৰ্যালয়ত মাৰাথন জেৰা চলায় ।

Bajali Corruption Case
সিদ্ধাৰ্থ বুঢ়াগোঁহাঞিৰ চৰকাৰী আৱাসগৃহত CID ৰ অভিযান

লগতে ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ গিৰি, পাটাছাৰকুছি থানাৰ সহঃ উপ-পৰিদৰ্শক শশাংক দাস, বজালী জিলাৰ প্ৰাক্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালৰ দেহৰক্ষী ইনজামামুল হাছান, বজালীৰ আৰক্ষী অধীক্ষকৰ গাড়ীচালক দীপজ্যোতি ৰয়, বজালী আৰক্ষী অধীক্ষকৰ অংশকালীন গাড়ীচালক নবিৰ আহমেদকো শুক্ৰবাৰে চি আই ডিৰ মুখ্য কাৰ্যালয়ত মাৰাথন জেৰা চলায় ।

অৱশ্যে নিশাৰ ভাগত পুষ্কল গগৈসহ কেইজনমান আৰক্ষী বিষয়াক যাবলৈ দিয়া হয় । ইতিমধ্যে বজালী জিলাৰ ধৃত আটাইকেইগৰাকী আৰক্ষী বিষয়া জোৱানক ৰিজাৰ্ভ ক্ল’জ কৰিছে আৰক্ষী কৰ্তৃপক্ষই । অৱশ্যে বৰ্তমানলৈকে বজালী জিলাৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইক চি আই ডিয়ে আটক কৰা নাই যদিও আই পি এছ বিষয়াজনক গৃহ বিভাগে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰিছে ।

জানিব পৰা মতে, ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত কৰাগাৰী গাঁৱৰ ৰবিউল ইছলাম নামৰ এজন চুপাৰি ব্যৱসায়ীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত এই গোচৰ ৰুজু হৈছে ।

লগতে পঢ়ক : ISRO Aditya L1 Mission : শ্ৰীহৰিকোটাৰ পৰা আদিত্য এল১ৰ সফল উৎক্ষেপণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.