বৰপেটা, 6 জুনঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হয় হৰ্চবৰ্ধন মাহেশ্বৰীয়ে ৷ বৰপেটাৰোডৰ মেৰিয়ান হাইস্কুলৰ ছাত্ৰ আছিল হৰ্চবৰ্ধন মাহেশ্বৰী ৷
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বৰপেটাৰ সৰভোগৰ হৰ্চবৰ্ধন মাহেশ্বৰীয়ে ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হয় ৷ বৰপেটাৰ মেৰিয়ান স্কুলৰ ছাত্ৰ আছিল হৰ্চবৰ্ধন মাহেশ্বৰী ৷ ছাত্ৰজনে ষষ্ঠ স্থান দখল কৰি বৰপেটাৰোডলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ ছাত্ৰ গৰাকীয়ে সৰ্বমুঠ 588 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ভৱিষ্যতে এগৰাকী আই এ এছ বিষয়া হোৱাৰ সপোন পুহি ৰখা ছাত্ৰ গৰাকীৰ ৷ ছাত্ৰ গৰাকীৰ পিতৃ কলেজৰ অধ্যাপক৷ হৰ্চ বৰ্ধন মাহেশ্বৰীয়ে ষষ্ঠম স্থান অধিকাৰ কৰাত পৰিয়ালটোৰ লগতে বৰপেটাৰোডৰ মেৰিয়ান স্কুলৰ সঞ্চালক নিৰ্মলা মেথিউ,অধ্যক্ষ গণেশ দাসৰ লগতে শিক্ষক শিক্ষয়িত্ৰী-ছাত্ৰ-ছাত্ৰী সকলেও আনন্দত উৎফুল্লিত হৈ পৰিছে ৷ উল্লেখ্য যে কেইদিনমান পূৰ্বে কলকাতাৰ পৰা আহি পোৱাত বৰপেটাৰোডৰ টুৰিষ্টলজত কোৱাৰেণ্টাইন হৈ আছে পৰিয়ালটো ৷
লগতে পঢ়ক- 585 নম্বৰৰে নৱম স্থানত উজ্বলিল গোলাঘাটৰ ৰাজদ্বীপ বৰুৱা