বৰপেটা,29 জুলাই: বৰপেটাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে জাপানী এনকেফেলাইটিছে ৷ বানৰ সংহাৰী ৰূপৰ পিছতে ৰাজ্যত প্ৰাদুৰ্ভাৱ ঘটিছে মৃত্যুদুতৰূপী জাপানী এনকেফেলাইটিছৰ ৷ বৰপেটা জিলাত একপ্ৰকাৰ আতংকৰ কাৰণ হৈ পৰিছে ৰোগবিধ ৷ কিয়নো বিগত এমাহত জিলাখনত প্ৰায় 20 গৰাকী ব্যক্তি এই ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰাণ হেৰুৱাইছে 6 গৰাকী লোকে ৷ ইতিমধ্যে ৰোগবিধত আক্ৰান্ত হৈ মৃত্যু ঘটা ব্যক্তিসকলৰ ভিতৰত এটি শিশু আছে বুলি জানিব পৰা গৈছে ৷ মৃত শিশুটি কলগাছিয়াৰ বেলৰটাৰী গাঁৱৰ লুটফুৰ ৰহমানৰ পুত্ৰ আব্দুল লতিফ ৷ ইফালে,জাপানী সদৃশ এক ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে জিলাখনৰ বৰপেটাৰোড বিলাসীপাৰা পথাৰ গাঁৱৰ কুলচুম বেগম আৰু জনীয়াৰ তিনি বছৰীয়া শিশু হুমায়ুন আলীৰ ৷
উল্লেখ্য যে, ২০১৯ চনত জাপানী এনকেফেলাইটিছত প্ৰাণ হেৰুৱাইছিল বৰপেটাৰ ৯ জনকৈ লোকে ৷ তৎসত্বেও আজিকোপতি জিলাখনত প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷ বৰপেটা জিলা মেলেৰীয়া বিষয়া ডাঃ হিকমৎ আলীয়ে জনোৱা অনুসৰি,বিগত ২০১৬ চনৰ পৰা জিলাখনত প্ৰদান কৰা হোৱা নাই জাপানী এনকেফেলাইটিছৰ প্ৰতিষেধক ৷ ৰোগবিধ সম্পৰ্কে আতংকিত ৰাইজে শীঘ্ৰে এইক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলাখনৰ স্বাস্থ্য বিভাগত আহ্বান জনাইছে ৷ নহ’লে বানৰ সমান্তৰালকৈ ৰোগবিধে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে ৷
লগতে চাওকঃ আম্বালাৰ বায়ুসেনা ছাউনীত ৰখা হ'ব পাঁচখনকৈ ৰাফেল বিমান