ETV Bharat / state

এছ আই কেলেংকাৰীৰ অভিযুক্ত দেৱৰাজ দাসক গ্ৰেপ্তাৰ

এছ আই কেলেংকাৰীৰ আন এজন অভিযুক্ত দেৱৰাজ দাসক গ্ৰেপ্তাৰ ৷ দেৱৰাজ দাসৰ ঘৰত দুবাৰলৈ চিআইডিৰ অভিযান ৷

author img

By

Published : Oct 17, 2020, 9:46 AM IST

si-case-accused-debraj-das-arrested
SI কাণ্ডৰ অভিযুক্ত দেৱৰাজ দাসক গ্ৰেপ্তাৰ

বৰপেটা, 17 অক্টোবৰ : আৰক্ষী উপ পৰিদৰ্শক পৰীক্ষা কাণ্ডৰ অভিযুক্ত দেৱৰাজ দাসক গ্ৰেপ্তাৰ ৷ দেৱৰাজ দাসৰ ঘৰত শুকুৰবাৰে পুনৰ চিআইডিয়ে অভিযান চলোৱাৰ লগতে পত্নী তুলিকা বৰ্মনক বৰপেটা আৰক্ষীয়ে সোধপোচৰ বাবে আটক কৰে ৷ তুলিকা বৰ্মনক জেৰা কৰাৰ অন্তত চিআইডিয়ে বেংক অৱ বৰোডাৰ লকাৰৰ পৰা 46 লাখ 77 হাজাৰ নগদ ধন আৰু প্ৰায় 920 গ্ৰাম সোণ উদ্ধাৰ কৰিছিল ৷

বেংকত চলোৱা অভিযানৰ পিচত তুলিকা বৰ্মনক নিশা ঘৰলৈ যাবলৈ দিয়ে যদিও নিশা পুনৰ চিআইডিৰ দলে দেৱৰাজ দাসৰ গৃহত অভিযান চলায় । অভিযান কালত দাসৰ গৃহৰ প্ৰতিটো কোঠা, ঘৰৰ চৌহদ তথা গৃহৰ চৌহদৰ ভিতৰত থকা মন্দিৰৰ ভিতৰতো তালাচী চলায়। অবশ্যে অভিযান কালত চিআইডিৰ দলটোয়ে দেৱৰাজ দাসৰ ঘৰত কোনো ধৰণৰ ধন বা আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল ৷

নিশা চিআইডিৰ দলটোৱে দেৱৰাজ দাসক লৈ বৰপেটাৰ পৰা গুৱাহাটীলৈ উভতি যায় ৷ শনিবাৰে বৰপেটাত অভিযান চলোৱাৰ সম্ভাৱনা নাই বুলি জানিবলৈ দিছে ডি এছ পি মদন কলিতাই ৷ উল্লেখ্য যে, যোৱা 10 অক্টাবৰত ৰেল বিভাগৰ বিষয়া দেৱৰাজ দাসৰ বৰপেটাৰ গান্ধী নগৰৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই প্ৰায় 1 কোটি 84 লাখ টকা জব্দ কৰাৰ লগতে দাসক আটক কৰিছিল ৷

লগতে পঢ়ক : ডিচেম্বৰত অনুষ্ঠিত হ’ব বি টি চি নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.