ETV Bharat / state

আদালতৰ নিৰ্দেশত বৰপেটা জিলা কাৰাগাৰলৈ প্ৰেৰণ শৃংখল চলিহাক - ৯ দিনৰ ন্যায়িক জিম্মা

দেওবাৰে গুৱাহাটী আদালতত চলিহাক হাজিৰৰ পিচতে আদালতে ৯ দিনৰ ন্যায়িক জিম্মাত প্ৰেৰণ কৰে ৷ আদালতে একে নিৰ্দেশমৰ্মে শৃংখল চলিহাক বৰপেটা জিলা কাৰাগাৰলৈও প্ৰেৰণ কৰে ৷ পৰিয়ালৰ লোকে চলিহাক মঙলবাৰে কাৰাগাৰত সাক্ষাৎ কৰে ৷

বীৰ লাচিত সেনা
আদালতৰ নিৰ্দেশত বৰপেটা জিলা কাৰাগাৰলৈ প্ৰেৰণ শৃংখল চলিহাক
author img

By

Published : Jan 1, 2020, 5:58 AM IST

বৰপেটা,1জানুৱাৰীঃ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাক মঙলবাৰে বৰপেটা কাৰাগাৰলৈ নিক্ষেপ কৰা হয় ৷ দেওবাৰে গুৱাহাটী আদালতত চলিহাক হাজিৰৰ পিচতে আদালতে ৯ দিনৰ ন্যায়িক জিম্মাত প্ৰেৰণ কৰে ৷ আদালতে একে নিৰ্দেশমৰ্মে শৃংখল চলিহাক বৰপেটা জিলা কাৰাগাৰলৈও প্ৰেৰণ কৰে ৷ আদালতৰ নিৰ্দেশৰ ভিত্তিত শৃংখলক লৈ অহা হয় বৰপেটা জিলা কাৰাগাৰলৈ ৷

ইফালে পৰিয়ালৰ লোকে চলিহাক মঙলবাৰে কাৰাগাৰত সাক্ষাৎ কৰে ৷ সেইসূত্ৰে মাতৃ,ভগ্নীৰ লগতে পৰিয়ালৰ আন লোক উপস্থিত হয় বৰপেটাত ৷ লগতে বীৰ লাচিত সেনাৰ মুখ্য সম্পাদক আৰু সংগঠনটোৰ আন বিষয়ববীয়াসকলেও সাক্ষাৎ কৰে শৃংখলক ৷ চলিহাক সাক্ষাতৰ পিচতে শৃংখলৰ মাতৃ চৰকাৰ বিৰোধী সমালোচনাত সৰৱ হৈ পৰে ৷ মাতৃ ৰাকা চলিহাই চৰকাৰখনে পৰিয়ালটোক হাৰাশাস্তি কৰাৰ বাবেই শৃংখলক বৰপেটা কাৰাগাৰত আৱদ্ধ কৰি ৰাখিছে বুলি চৰকাৰক সমালোচনা কৰে ৷ তদুপৰি ইয়াৰ জৰিয়তে চৰকাৰখনে আন্দোলনকাৰী নেতা কৰ্মীসকলক সকীয়নি দিব বিচাৰিছে বুলিও উল্লেখ কৰে শৃংখলৰ মাতৃয়ে ৷

মাতৃৰ প্ৰতিক্ৰিয়া প্ৰকাশ

আনহাতে,কাৰাগাৰৰ পৰাই সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলন চলাই নিয়াৰ আহ্বান জনায় শৃংখল চলিহাই ৷ লগতে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনেয়ো এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

মুখ্য সচিব ৰণ্টু পানীফুকনৰ প্ৰতিক্ৰিয়া

লগতে চাওকঃCAA সম্পৰ্কত জাহ্নু বৰুৱাৰ ভাইৰেল ভিডিঅ'

Intro:

বৰপেটা, ৩১ ডিচেম্বৰঃ
সংশোধিত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত যোগদান কৰি চৰকাৰৰ চকুৰ কূটা দাঁতৰ শূলত পৰিণত হোৱা বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাক বৰপেটা কাৰাগাৰলৈ নিক্ষেপ ৷

দেওবাৰে গুৱাহাটী আদালতত শৃংখল চলিহাক হাজিৰৰ পিচতেই আদালতে ৯ দিনৰ ন্যায়িক জিম্মাত প্ৰেৰণ কৰিছিল ৷
আদালতে একেটা নিৰ্দেশতে শৃংখল চলিহাক বৰপেটা জিলা কাৰাগাৰত ৰখাৰ বাবেও নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ পৰা দেওবাৰে নিশা শৃংখলক লৈ অহা হয় বৰপেটা জিলা কাৰাগাৰলৈ ৷

Body:সম্প্ৰতি বৰপেটা জিলা কাৰাগাৰত থকা শৃংখল চলিহাক আজি পৰিয়ালৰ লোকে সাক্ষাৎ কৰে ৷

মাতৃ, ভগ্নীৰ লগতে পৰিয়ালৰ লোকে জিলা কাৰাগাৰত সাক্ষাৎ কৰে শৃংখল চলিহাক ৷

বীৰ লাচিত সেনাৰ মুখ্য সম্পাদকৰ লগতে সংগঠনটোৰ বিষয়ববীয়ায়ো সাক্ষাৎ কৰে শৃংখল চলিহাক ৷

ইপিনে শৃংখল চলিহাক সাক্ষাতৰ পিচতে শৃংখলৰ মাতৃয়ে চৰকাৰৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে ৷

চৰকাৰখনে পৰিয়ালটোক হাৰাশাস্তি কৰাৰ বাবেই শৃংখলক সুদুৰ শিবসাগৰৰ পৰা আনি বৰপেটা জিলা কাৰাগাৰত আৱদ্ধ কৰি ৰখা বুলি চৰকাৰক সমালোচনা মাতৃৰ ৷

ইয়াৰ জৰিয়তে চৰকাৰখনে আন্দোলনকাৰী নেতা কৰ্মীসকলক সকিয়নি দিব বিচাৰিছে বুলিও উল্লেখ কৰে শৃংখলৰ মাতৃয়ে ৷

চৰকাৰে এনে দমনমূলক নীতিৰে সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলন মষিমুৰ কৰিব নোৱাৰিব বুলিও শৃংখলৰ মাতৃৰ সকিয়নি চৰকাৰক ৷

শৃংখলৰ মাতৃয়ে জনালে কাৰাগাৰত ভাগি পৰা নাই শৃংখল ৷

সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলন চলাই নিয়াৰ আহ্বান শৃংখলৰ ৷

ইপিনে সাংবাদিকৰ আগত বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকনৰো প্ৰতিক্ৰীয়া প্ৰকাশ ৷

Conclusion:বাইটঃ শৃংখলৰ মাতৃ ৷
বাইটঃ ৰন্টু পানীফুকন, বীৰ লাচিত সেনাৰ মুখ্য সচিব ৷

--- বাপকন দাস, বৰপেটা ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.