ETV Bharat / state

Sherman Ali Sahitya Sabha controversy : এইবাৰ অসম সাহিত্য সভাক লৈ বিস্ফোৰণ শ্বেৰমান আলীৰ - Sherman Ali statement over Miya

‘‘অসম সাহিত্য সভা হিন্দুত্ববাদীৰ পাকচক্ৰত সোমাই পৰিছে ৷ অসমীয়া জাতীয় সত্ত্বাৰ প্ৰতি কাল অমানিশা নমাই আনিব সাহিত্য সভাই ।’’ এই বিস্ফোৰক মন্তব্য শ্বেৰমান আলী আহমেদৰ (Sherman Ali controversial statement)। বৰপেটাৰ এক অনুষ্ঠানত সাহিত্য সভাৰ বিৰুদ্ধে জাঙুৰ খাই উঠে বিধায়কগৰাকী ।

Sherman Ali Sahitya Sabha controversy
অসম সাহিত্য সভাক লৈ বিস্ফোৰণ শ্বেৰমান আলীৰ
author img

By

Published : Jan 29, 2023, 1:26 PM IST

অসম সাহিত্য সভাক লৈ বিস্ফোৰণ শ্বেৰমান আলীৰ

বৰপেটা, ২৯ জানুৱাৰী: প্ৰায়ে বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে (Sherman Ali in controversy)। তেওঁৰ মুখত কেতিয়াবা যদি ৰাজনৈতিক, কেতিয়াবা আকৌ ধৰ্মীয় বিতৰ্কিত মন্তব্য । এইবাৰ অসম সাহিত্য সভাক লৈ বিতৰ্কিত মন্তব্য কৰিলে শ্বেৰমান আলীয়ে (Sherman Ali controversy over Asam Sahitya Sabha)। শ্বেৰমান আলীৰ মতে ‘‘অসম সাহিত্য সভা হিন্দুত্ববাদীৰ পাকচক্ৰত সোমাই পৰিছে ৷ যদি সাহিত্য সভাৰ এই ধাৰা অব্যাহত থাকে তেন্তে ইয়ে অসমীয়া জাতীয় সত্বাৰ প্ৰতি কাল অমানিশা নমাই আনিব ।’’

মিঞা জনগোষ্ঠীৰ প্ৰতি স্থিতি সম্পৰ্কে মন্তব্য কৰি বিধায়কগৰাকীয়ে তীব্ৰ সমালোচনা কৰে অসম সাহিত্য সভাক (Sherman Ali slams Asam Sahitya Sabha)। বাঘবৰৰ মন্দিয়াত চৰ চাপৰি সাহিত্য পৰিষদৰ মুকলি অধিৱেশনৰ সভাপতিত্ব কৰি ভাষণ প্ৰসংগত বিধায়ক শ্বেৰমান আলী আহমেদে সাহিত্য সভাক লৈ বিতৰ্কিত মন্তব্য কৰাৰ লগতে মিঞা জনগোষ্ঠীৰ সমৰ্থনত পুনৰ সৰব হৈ পৰে ৷

লখিমপুৰৰ নাৰায়াণপুৰত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ অধিৱেশনক বিজেপিৰ অধিৱেশন বুলি অভিহিত কৰে বিধায়কগৰাকীয়ে ৷ অসম আন্দোলনৰ নেলী, চাউলখোৱা আদি ঘটনা স্মৰণ কৰি সেই সময়ত আন্দোলনৰ সহযোগী সংগঠন অসম সাহিত্য সভাৰ ভূমিকাকো সমালোচনা কৰে বিধায়কগৰাকীয়ে ৷ বিগত ৪০ বছৰে মিঞাসকলক কৰা অত্যাচাৰৰ বিৰুদ্ধে অসম সাহিত্য সভাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বুলিও অভিযোগ কৰে বিধায়ক শ্বেৰমান আলীয়ে ৷

অসম সাহিত্য সভাৰ মাহী আইৰ দৃষ্টিভংগীৰ বাবেই চৰ চাপৰি সাহিত্য পৰিষদ গঠন হোৱা বুলিও মন্তব্য কৰে কংগ্ৰেছ বিধায়কগৰাকীয়ে ৷ তেওঁৰ মতে অসম সাহিত্য সভাই মুখত এটা কয় কৰে আন এটা ৷ তেওঁৰ মতে একাংশই চৰ চাপৰিলৈ আহি মিঞাসকলক অসমীয়া, ন-অসমীয়া বা লৌহিত্য সম্প্ৰদায় বুলি কয় যদিও দিছপুৰ পালেই অসমীয়া বুলি স্বীকৃতি দিবলৈ কুণ্ঠাবোধ কৰে ৷ মিঞাসকল অসমীয়া হয় নে নহয় অসমীয়া জাতিৰ স্বাৰ্থত অসম সাহিত্য সভাক নিজৰ স্থিতি প্ৰকাশ কৰিবলৈ আহ্বান জনাই শ্বেৰমান আলীয়ে ৷

নাৰায়াণপুৰত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ অধিৱেশন সন্দৰ্ভত তেওঁ কয় যে, অসম সাহিত্য সভাৰ অধিৱেশনত মুখ্যমন্ত্ৰীকে আদি কৰি যেন বিজেপিৰহে অধিৱেশন চলি আছে ৷ ইফালে চৰ চাপৰি সাহিত্য পৰিষদৰ সভাত অংশ লৈ শ্বেৰমান আলী আহমেদে পুনৰ 'মিঞা' শব্দক লৈ সৰব হৈ পৰে ৷ ৰাজ্যৰ মুছলমানসকলক মিঞা নামেৰে পৰিচিত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে বাঘবৰৰ বিধায়কগৰাকীয়ে (Sherman Ali statement over Miya)৷

আনকি ৰাজনৈতিক দলসমূহকো সমালোচনা কৰে শ্বেৰমান আলীয়ে ৷ কোনো ৰাজনৈতিক দলেই চিৰদিনৰ বাবে এই মিঞাসকলক উদ্ধাৰ কৰিব নোৱাৰে বুলিও স্পষ্ট কৰে ৷ ইফালে মিঞাসকলক ৰাজনীতি বাদ দিবলৈকো আহ্বান জনায় ৷

লগতে পঢ়ক :Hindu Muslim Brotherhood: মুছলমান পৰিয়ালত ডাঙৰ হোৱা পল্লৱী ওৰফে হাফিজা এতিয়া শিক্ষয়ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.